পুনৰ কৰ’নাৰ গ্ৰাসত চিৰাং

ea06ef10 ad53 464d b67f 49b7eb8636e9

সমগ্ৰ ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও পুনৰ কৰ’নাৰ গ্ৰাসত পৰিছে চিৰাং জিলা । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰীৰ চেইন্ট আগষ্টিন চিকিৎসালয়(ব্যাক্তিগত খণ্ডৰ) খনৰ হোষ্টেলৰ নাৰ্ছ আৰু চিকিৎসালয় ষ্টাফৰ অধিকাংশই ক’ভিড ১৯ ধৰা পৰাত আজি জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত গৌতম তালুকদাৰে এক নিৰ্দেশনা যোগে চিকিৎসালয়খন কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ।

ইপিনে চেইন্ট আগষ্টিন চিকিৎসালয়খনত যোৱা ৪৮ ঘন্টাত ৪৫ জন কৰ্মীৰ শৰীৰত ক’ভিড ১৯ ধৰা পৰিছে । তাৰ পৰিপ্ৰেক্ষিতত অসম ক’ভিড নিয়ন্ত্ৰণ ২০২০ৰ অধীনত যাতে চিকিৎসালয়খনৰ পৰা অধিক হাৰত ক’ভিড ৰোগ সংক্ৰমিত হ’ব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিয়ে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে৷

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নীতি অনুসৰি জিলা প্ৰশাসনে চিকিৎসালয়খনক সুৰক্ষিত অঞ্চল ঘোষণা নকৰালৈকে চিকিৎসালয়খনত কোনো লোকেই অহা যোৱা কৰিব নোৱাৰিব ৷জিলা প্ৰশাসনে সমগ্ৰ চিকিৎসালয় চৌহদ কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ কাৰণে সকলো ক’ভিড নিয়ম যাতে পালন কৰা হয় তাৰ প্ৰতি দৃষ্টী ৰাখিব ।লগতে এই সন্দৰ্ভত অনিয়ম সংঘটিত কৰাজনৰ বিৰুদ্ধে অসম ক’ভিড নিয়ন্ত্ৰণ ২০২০ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ২০০৫ চনৰ আইন আৰু অন্যান্য মহামাৰী প্ৰতিৰোধী আইন ১৮৯৭ অনুসৰি শাস্তিৰ ব্যৱস্থা কৰিব।

Exit mobile version