পুনৰ তলাবন্ধ পৰিপ্ৰেক্ষিতত ৭০০ কিলোমিটাৰ যান জঁটৰ সমস্যাত পেৰিছবাসী

60903bf4 1358 48d7 a78b 4989d1b8b9e5

সমগ্ৰ বিশ্বত কৰ’নাৰ সংহাৰ ৷তাৰ মাজতে ফ্ৰান্সৰ পেৰিছত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ কাৰণে পুনৰ তলাবন্ধৰ ঘোষণা কৰিছে। কিন্তু তলাবন্ধৰ ঘোষণাৰ মাত্ৰ কেইটিমান মূহুৰ্তৰ পূৰ্বে পেৰিছত প্ৰায় ৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৃহৎ যান-জঁটৰ সৃষ্টি হয়।

আনহাতে সমগ্ৰ ফ্ৰান্সত তলাবন্ধৰ ঘোষণা কৰাৰ পূৰ্বে ফ্ৰান্সৰ অন্যান্য চহৰ বৰডেৱাক্স, লিয়ন আদিতো তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

কাৰণ পেৰিছত থকা বহুলোকে তলাবন্ধৰ সময়ছোৱাত ফ্ৰান্সৰ অন্যান্য সৰু চহৰ বা গাঁৱত সময় কটোৱাৰ বাবেই গন্তব্য স্থানলৈ ৰাওনা হয়।উল্লেখযোগ্য যে, ফ্ৰান্সত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ৱেভ আৰম্ভ হৈছে।

Exit mobile version