পুনৰ প্ৰাণৱন্ত হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Kaziranga Elephant Ride

১ নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব হাতী চাফাৰী ৷

আজি টুইটাৰ যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এইকথা প্ৰকাশ কৰে।

বিগত সময়ত ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰিপেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ আছিল ৷

ইয়াৰ পাছত ২১ অক্টোবৰত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷

কৰ’নাৰ মাজতে পৰ্যটকসকলৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিলেও মাস্ক পৰিধান কৰা , চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক ৷

Exit mobile version