পুলৱামা আক্ৰমণত একাংশ লোক দুখী নাছিল ,তেওঁলোকে কেৱল ৰাজনৈতিক অভিসন্ধি বিচাৰি পাইছিলঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

f6f5964f 6b05 427b 9d27 048e4e09282e

“সমগ্ৰ দেশবাসীয়ে যেতিয়া পুলৱামাত নিজৰ সন্তানক হেৰুৱা সেই দৃশ্য কেতিয়াও পাহৰিব নোৱাৰে ।কিন্তু সেই দুখত একাংশ লোক দুখী নাছিল ৷তেওঁলোকে পুলৱামাত ৰাজনৈতিক অভিসন্ধি বিচাৰি পাইছিল৷”বিৰোধীক কটাক্ষ কৰি এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷

আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আয়োজিত এক অনুষ্ঠানত পুলৱামা আক্ৰমণৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে চুবুৰীয়া ৰাষ্ট্ৰৰ সংসদত হোৱা আলোচনাই একাংশ লোকৰ প্ৰকৃত ছবি সকলোৰে সন্মুখলৈ আনিছে। ৰাজনৈতিক লাভালাভৰ কাৰণে একাংশ লোক কিমানলৈকে যাব পাৰে পুলৱামা আক্ৰমণৰ পাছত দিয়া প্ৰতিটো মন্তব্য ইয়াৰ উৎকৃষ্ট উদাহৰণ ৷

গতিকে ৰাজনৈতিক দলসমূহলৈ এনেধৰণৰ নিকৃষ্ট কৰ্মকাণ্ড বা মন্তব্যৰ দ্বাৰা সেনা জোৱানসকলৰ মনোবল হ্ৰাস নকৰিবলৈ আহ্বান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

লগতে মোদীয়ে কয় “আমি সকলোৰে উন্নতি বিচাৰিলেহে আমাৰো উন্নতি হ’ব।

সাম্প্ৰতিক সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বৰ সকলো দেশ,চৰকাৰ একত্ৰিত হোৱাতো বহুত প্ৰয়োজন।

কৰ’না ভাইৰাছৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয় “এই দুৰ্যোগত সমগ্ৰ বিশ্বৰ মানৱজীৱন প্ৰভাৱিত হৈছে। কিন্তু এই মহামাৰীৰ সন্মুখত দেশে যিদৰে মোকাবিলা কৰিছে সেইয়া অভূতপূৰ্ব।

Exit mobile version