বটদ্ৰৱাৰ বেদখলকৃত চৰকাৰী ভূমিত প্ৰতিষ্ঠা হ’ল মিঞা পাব্লিক স্কুল

IMG 20201031 WA0004 1

অসমীয়া জাতিৰ জনক জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অস্তিত্ব এতিয়া নিজৰ জন্মভূমিতে সুৰক্ষিত নহয়৷সেইকথা প্ৰতীয়মান হৈছে একাংশৰ কৰ্মকাণ্ডত ৷ বিগত সপ্তাহত বাঘবৰৰ মৌলবাদী বিধায়ক শ্বেৰমান আলিয়ে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম খুলিব লাগে বুলি দাবী উত্থাপন কৰাৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে চলি আছে মিঞা মিউজিয়াম বিতৰ্ক।

এই বিতৰ্কৰ অৱসান নহওঁতেই গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ সমীপৱৰ্তী মুছলমান বসতি প্ৰধান অঞ্চল হাইডুবী- বাটমাৰী, লালুংগাঁও, চমকা আদি অঞ্চলসমূহত সংগোপনে চলি আছে মিঞা পাব্লিক স্কুল৷ অঞ্চলটোত মুঠ ৫ খন মিঞা পাব্লিক স্কুল স্থাপন কৰি মুছলমান লোকৰ সন্তানক সাম্প্ৰতিক সময়ত বিশেষ পাঠদান দি থকা হৈছে ৷ বটদ্ৰৱাৰ দৰে এখনি ঐতিহাসিক পীঠস্থানত অতি গোপনীয়তাৰে মিঞা পাব্লিক স্কুলৰ নামেৰে বিদ্যালয় চলি থকাৰ বিষয়ে একাংশ লোকে বিষয়টোক সামাজিক মাধ্যমত চৰ্চালৈ অনাৰ পাছত বৃহত্তৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বৃহত্তৰ অঞ্চলটোৰ শান্তিজান জলপৃষ্ঠত মীন পালনৰ নামত বেদখল কৰা , বটদ্ৰৱা থানৰ বৰহিছা গ্ৰেজিং ৰিজাৰ্ভ, বটদ্ৰৱাৰ চৰকাৰী কৃষি বীজপাম, ভোমোৰাগুৰি গাঁও পঞ্চায়তৰ কাষৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত জামাইবস্তি স্থাপনেৰে অসামাজিক কামকাজ চলোৱা, ভোমোৰাগুৰিৰে লালুংগাঁও অঞ্চলত প্ৰাক্তন সৈনিকৰ নামত আবন্টিত ভূমিত বেদখলকাৰীয়ে ৰাজত্ব চলাই অহাৰ বিষয়ে ইতিপূৰ্বে ” বিভিন্ন সংবাদ মাধ্যমত ” বিতং তথ্যসহ বেদখলৰ প্ৰতিবেদন প্ৰকাশ পাইছিল।

তদুপৰি ২০১৮ চনত ৰাজ্য জোকাৰি বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ দৰে ঘটনা এই অঞ্চলতে সংঘটিত হোৱা, বেদখলৰ বাতৰি লিখাৰ বাবে সাংবাদিকক ভাবুকি দিয়া, সত্ৰাধিকাৰলৈ ভাবুকি পত্ৰ প্ৰেৰণ কৰা আৰু শান্তিজান জলপৃষ্ঠত ৰাজহ বিভাগৰ ভূমি জৰীপ চলোৱা মণ্ডল -কাননগুহৰ ওপৰত আক্ৰমন চলোৱা ইত্যাদি বহু কু-কৰ্মৰে একাংশ লোকে গুৰুজনাৰ জন্মস্থানৰ গৰিমামণ্ডিত ঐতিহ্য ভূ-লুন্ঠিত কৰি অঞ্চলটোৰ সাংস্কৃতিক চেতনাক কালিমা সানি অহাৰ দৰে ঘটনাৰ পিছত মিঞা পাব্লিক স্কুলৰ নামত পুনৰবাৰ অস্তিত্বৰ সংকট কঢ়িয়াই আনিছে।

এই সন্দৰ্ভত আজি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ” সম্প্ৰতি মিঞা মিউজিয়াম, মিঞা পাব্লিক স্কুল এনেধৰণৰ বিষয়সমূহে গুৰুজনাৰ অৱদানেৰে সমৃদ্ধ অসমীয়া মহাজাতিৰ বাবে ভাবুকি কঢ়িয়াই আনিছে । বিধায়ক শ্বেৰমান আলিকে আদি কৰি লোকসকলক এই বিষয়সমূহ দ্বাৰা অসমবাসীৰ অসূয়া অশান্তি সৃষ্টি নকৰি অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি নিজকে বৰ অসমৰ অসমীয়া বুলি পৰিচয় দিয়ক কামত মনোনিবেশ কৰিবলৈ আহ্বান জনাইছো”।

লগতে বেদখলৰ মাজেৰে জগত গুৰুৰ জন্মস্থানৰ ঐতিহ্য ভূ লুন্ঠনকাৰী সকলক কঠোৰতম শাস্তি প্ৰদান কৰক বুলিও সত্ৰাধিকাৰ গৰাকীয়ে কয়। এই বিষয়ে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই কয়” গুৰুজনাৰ সাংস্কৃতিক অবদানৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অপশক্তিয়ে বিভিন্ন সময়ত অঞ্চলটোৰ গৰিমা ম্লান কৰি আহিছে।

বটদ্ৰৱাৰ ৯৬২ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰি অঞ্চলটোক সাংবিধানিক ৰক্ষাকবচ প্ৰদান নকৰিলে অদূৰ ভৱিষ্যতেও বটদ্ৰৱাৰ প্ৰতি অধিক সংকট নামি আহিব৷ আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হৈ হাতীচোং শাখাৰ সম্পাদক মাধুৰ্য্য প্ৰতিম শইকীয়াই বটদ্ৰৱাৰ আশে পাশে গঢ়ি উঠা মিঞা পাব্লিক স্কুলসমূহে সমাজত বিভেদৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে ।

এনে ঠেক গণ্ডীৰ পৰা বাহিৰ হৈ অসম মাতৃক ভাৰত মাতাক মাতৃ হিচাপে সেৱা আগবঢ়াওক বুলি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে মত প্ৰকাশ কৰে। বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাইও ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত মিঞা পাব্লিক স্কুল বিষয় সন্দৰ্ভত চৰকাৰে তদন্ত আৰম্ভ কৰি দোষীক শাস্তি প্ৰদান কৰা আৰু এই বিদ্যালয় সমূহ বন্ধ কৰাৰ দাবীত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।

Exit mobile version