অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী ঐক্য এইবাৰ ধূলিসাৎ হোৱাৰ দিশে । বৰ্তমানৰ ট্ৰেণ্ড অনুসৰি ন্যাশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (National Democratic Alliance )(NDA)-ৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি (Bharatiya Janata Party )আৰু তাৰ মিত্ৰজোঁটে প্ৰায় ৪৫খনকৈ অধিক আসনত জয় লাভ কৰি স্পষ্টকৈ আগবাঢ়ি দেখুৱাইছে।
বিশেষকৈ বহুচৰ্চিত মধ্য গুৱাহাটী সমষ্টিত বিজয় কুমাৰ গুপ্তায়ে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰি বিজয়ৰ হাঁহি মাৰিছে।
ইয়াৰ বিপৰীতে GeZ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে মধ্য গুৱাহাটী সমষ্টিত বৃহৎ ব্যৱধানত পৰাস্ত হৈছে।
এই ফলাফলসমূহে স্পষ্টকৈ দেখুৱাইছে যে ৰাজ্যখনত বিজেপি-নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজনৈতিক আধিপত্য অব্যাহত আছে, আনহাতে বিৰোধী শিবিৰ এতিয়া পুনৰ সংগঠনৰ কঠিন চেলেঞ্জৰ সন্মুখীন হৈছে।































