বিটিআৰ শান্তি চুক্তিকাৰীসকলে ৰঞ্জন দৈমাৰীক ইউজ এণ্ড থ্ৰো কৰিলেঃঅঞ্জলী দৈমাৰী

7e58c0d6 c06e 496a ac45 dd8c604511ac

ক’ভিডৰ বাবে স্থগিত ৰখা বিটিচি পৰিষদীয় নিৰ্বাচন অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ’ব । সেয়ে সকলো ক’ভিড প্ৰতিৰোধী নিৰ্দেশনা অমান‍্য কৰি হেজাৰ হেজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হৈ আছে বিটিচিৰ বিভিন্ন ৰাজনৈতিক দলৰ সভা। যেন ক’ভিডৰ কোনো অস্তিত্বই নাই বিটিচিত। আজিও ক’ভিডৰ বাবে চিৰাং জিলাৰ এখন ব‍্যাক্তিগত খণ্ডৰ চিকিৎসালয় কন্টেইনমেন্ট জোন ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

ইয়াৰ মাজতে চিৰাঙত হেজাৰ হেজাৰ লোকৰ উপস্থিতিত নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ যেন অঘোষিত প্ৰতিযোগিতাহে আৰম্ভ হৈছে। আজি চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্ঠিৰ অন্তৰ্গত ৰুনিখাতা থাইকাঝোৰাত বিপিএফ দলৰ এক বৃহৎ জন সভা অনুষ্ঠিত হয় ৷ হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অঞ্জলি দৈমাৰীয়ো উপস্থিত থাকে।

হাগ্ৰামা মহিলাৰীয়ে সভাত উপস্থিত হৈ কয়” খাম্পা বৰগয়াৰীয়ে বিপুল ভোটত জয়ী হৈ আকৌ উপ মুখ‍্য হ’ব। তেওঁ লগতে কয় যে বিটিআৰ চুক্তিৰ দফাসমূহ যদি সংশোধন কৰা নহয় তেন্তে বড়ো-অবড়ো সংঘাত হোৱাটো নিশ্চিত । সেয়ে মই কৈছো সংশোধনৰ প্ৰয়োজন আছে । বিটিচিৰ পৰা এটাও গাঁও কৰ্তন নহয় । সকলো দলে বিটিচি দখলৰ কথা ক’লেও একো নাই বিপিএফ দলে একক সংখ‍্যা গৰিষ্ঠতাৰে পৰিষদ গঠন কৰিব “৷

সভাত খাম্পা বৰগয়াৰীয়ে কয় “বিশ্বজিত দৈমাৰীয় বিষয়ে মই সচা কথা কৈছিলোঁ মই কোনো কাজিয়া কৰা নাই । অসম চৰকাৰে এই অঞ্চলৰ কোনো কাম কৰা নাছিল । আমি বিটিচি হোৱাৰ পাছত হে সকলো কাম কৰিছো ।”

অনুষ্ঠানত উপস্থিত থাকি বড়ো অ’মেন জাষ্টিচ ফৰামৰ সভানেত্ৰী অঞ্জলী দৈমাৰীয়ে কয় ” আমি সময় মতেই নিৰ্বাচন বিচাৰিছিলো । এতিয়া ডিচেম্বৰত নিৰ্বাচন হোৱাৰ কথা শুনি ভোটাৰৰ মাজত উৎসাহ বৃদ্ধি পাইছে । সেয়ে বিপিএফৰ সভাত হেজাৰ হেজাৰ মানুহ গোট খাইছে ৷

তেওঁ লগতে কয় যে এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নেব্লাক বিটিআৰ শান্তিচুক্তিকাৰীসকলে ইউউ এণ্ড থ্ৰো কৰিলে । হয়তো তেওঁক নহ’লে শান্তি চুক্তি নহয় বাবেই উলিয়াই আনি চুক্তি স্বাক্ষৰ কৰাৰ পাচতে আকৌ জেলত সোমালে । কাৰ ষড়যন্ত্ৰত তেওঁ এতিয়াও জেলত সেয়া লাহে লাহে সকলো স্পষ্ট হৈ আহিছে বুলিও কয় অঞ্জলি দৈমাৰীয়ে ।

Exit mobile version