৪৫০ ৰ পৰা ৫,৫০০ টকাত উপলব্ধ হ’ব কৰ’না ভাইৰাছৰ ভেকচিন

সমগ্ৰ বিশ্বত সম্প্ৰতি কৰ’না ভাইৰাছে সংহাৰ সৃষ্টি কৰিছে ৷ইয়াৰ মাজতে ৩০ অক্টোবৰলৈকে কৰ’নাত সমগ্ৰ বিশ্বত ৪.৫ জন লোক আক্ৰান্ত হৈছে ৷ আনহাতে মৃত্যু হৈছে প্ৰায় ১১ লাখ লোক ৷

ইয়াৰ মাজতে সকলোৱে কৰ’না ভাইৰাছৰ ভেকচিন কেতিয়া উপলব্ধ হ’ব সেই সন্দৰ্ভত বিভিন্ন আলোচনা অব্যাহত আছে ৷ ভেকচিন নিৰ্মাণৰ কাৰণে বিভিন্ন দেশৰ বিশেষজ্ঞসকলে দিন ৰাতি একাকাৰ কৰিছে ।তাৰ মাজতে প্ৰশ্ন হয় কিমান হ’ব কৰ’না ভাইৰাছৰ ভেকচিনৰ মূল্য ?

অৱশ্যে কৰ’নাৰ ভেকচিনৰ মূল্যৰ সন্দৰ্ভত চৰকাৰীভাৱে সদৰী কৰা নাই ৷কিন্তু ভেকচিনৰ মূল্য প্ৰায় ৪৫০ৰ পৰা ৫,৫০০ টকালৈ হ’ব বুলি আশা কৰা হৈছে ।

বিশ্বত কৰ’নাৰ ভেকচিনৰ লঞ্চ কৰাত সহায় কৰা Maderna ৰ অনুসৰি ভেকচিনৰ এটা ড’জৰ মূল্য হ’ব ২,৭৩৮ টকা ।

ভেকচিন সীমিত মূল্যত প্ৰথমতে ভাৰতৰ লগতে জৰুৰীকালীন সেৱাত নিয়োজিত লোকসকলক দিয়া হ’ব ৷ইয়াৰ এবছৰ বা দুবছৰৰ পাছতহে বজাৰত উপলব্ধ হ’ব কৰ’নাৰ ভেকচিন ৷

উল্লেখযোগ্য যে এক বিশেষ সূত্ৰৰ মতে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ AstraZeneca ৰ ভাৰতত মূল্য হ’ব ৭০০-২,০০০ টকা ।অৱশ্যে AstraZeneca ৰ এই মূল্যৰ সন্দৰ্ভত শেষ সিদ্ধান্তত উপনীত হোৱা নাই ।

Exit mobile version