মহিলাসকলে পুৰুষৰ লগত সমানে খোজ মিলাই আগবাঢ়ি যাবলৈ আৰম্ভ কৰোঁতেই #Me Too ৰ দৰে ঘটনা সংঘটিত হ’বলৈ আৰম্ভ কৰিলে ৷এই মন্তব্য আপোনাৰ -মোৰ তথা আমিৰ সকলোৰে পৰিচিত বলীউড তথা সৰু পৰ্দাৰ অভিনেতা মুকেশ খান্নাৰ ৷
মহাভাৰত তথা শক্তিমানৰ দৰে ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ নয়নৰমণি হৈ পৰা মুকেশ খান্নাৰ #Me too ক লৈ কৰা মন্তব্যৰ পাছতে ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৷কাৰণ অভিনেতা মুকেশৰ মতে মহিলাসকলৰ কাৰণে ঘৰুৱা কামেই যথেষ্ট আৰু সুৰক্ষিত ।
গতিকে যেতিয়াৰ পৰা মহিলাসকলে পুৰুষৰ দৰে কাম কৰিবলৈ ল’লে তেতিয়াৰ পৰাই আৰম্ভ হ’ল #Me Too ৰ দৰে ঘটনা।
সম্প্ৰতি মুকেশ খান্নাক ছ’চিয়েল মিডিয়াত বৰ্জন কৰিবলৈ দাবী কৰিছে সকলোৱে। আৰু টুইটাৰত বহু সমালোচনাৰ সন্মুখীন হৈছে মুকেশ খান্না ।
মুকেশক কঠোৰ ভাষাৰে সমালোচনা কৰি এজনে লিখিছে “আমি এসময়ত এই মানুহজনক ছুপাৰহিৰো বুলি মানি লৈছিলো ৷কিন্তু এতিয়া মুকেশ খান্নাৰ চিন্তাধাৰা দেখি লজ্জিত হৈছো ৷”