“বজাৰত লাগিছে জুই ফণী আছে শুই”

3728b166 db95 453a a610 701fddb505a2

“বজাৰত লাগিছে জুই অাৰু মন্ত্ৰী ফণীভূষণ আছে শুই “এনে এক শ্ল’গান আওঁৰাই অাজি পাঠশালাত ছাত্ৰ সন্থাই মন্ত্ৰী ফণীভূষন চৌধুৰীৰ গাড়ী আগুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ পাঠশালাৰ আজাদ ভবন প্ৰাঙ্গণত অাজি অনুষ্ঠিত অগপৰ মহিলা পৰিষদৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহি অাজি এনেদৰে আছুৰ প্ৰতিবাদৰ সন্মুখীন হয় ফণীভূষণ চৌধুৰী৷

প্ৰায় ১৫ মিনিট সময় আছুৰ সদস্যসকলে আছুৰ পতাকা দেখুৱাই মন্ত্ৰী গৰাকীক বাট আগুচি আৱদ্ধ কৰি ৰাখে৷তেনে সময়তে অগপ কৰ্মী সকলেও দৌৰি আহি অগপ জিন্দাবাদ ধ্বনীৰে পৰিবেশ উত্তাল কৰি তোলে। লগতে আছুৰ সদস্য সকলে কা আমি নামানো প্ৰতিবাদী শ্ল’গান দিয়ে ৷পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধীমান শৰ্মা অাৰু সাধাৰণ সম্পাদক বিশ্বজিৎ গাংগুলীৰ নেতৃত্বত অাজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

এই প্ৰতিবাদী কাৰ্যসূচীত বজালী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা অৰূপজ্যোতি দাস , সাধাৰণ সম্পাদক হিমাংশু শৰ্মা , পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উপ- সভাপতি চিন্ময় লহকৰ , ৰূপজ্যোতি কলিতা , অঞ্জনজ্যোতি নাথ , সহকাৰী সাধাৰণ সম্পাদক লাকী মেধি , মনদ্বীপ পাটগিৰি , দ্বীপ গাংগুলী , দ্বীপজ্যোতি পাটগিৰি , ক্ৰীড়া সম্পাদক পিংকু গাংগুলী , পাটাছাৰকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হানান আলী , সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মা , দক্ষিণ বজালী আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতি নিতুল মালাকৰ , পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য মৃন্ময় পৰাশৰ , টিকু দাস , মহম্মদ সমীৰ উল্লা , জোনদ্বীপ ৰয় আদিকে ধৰি প্ৰায় শতাধিক কৰ্মী উপস্থিত থাকে ।

Exit mobile version