ৰেল গাড়ীৰে দূৰ ভ্ৰমণ কৰাৰ মাদকতা যেনে আমেজ ভৰা, যাত্ৰাত বিৰক্তি, অস্বস্তি আৰু দুশ্চিন্তাও কিন্তু সমানেই আছে ৷ বিশেষকৈ দীঘলীয়াকৈ যাত্ৰা কৰিলে লগত কঢ়িয়াই লৈ ফুৰিবলগীয়া হোৱা টালি টোপোলাবোৰে যাত্ৰাৰ আনন্দ ভালেখিনি হ্ৰাস কৰি দিয়ে । কোনোবাই হাত দিয়ে বুলি অনবৰতে চকু দি থাকিবলগীয়াতো হয়েই, ষ্টেছনত নমাৰ পাছত আকৌ লাগেজবোৰ ভাগে ভাগে নি গাড়ীত উঠাই থানথিত লগোৱালৈ বিভিন্ন অসুবিধা ৷ মুঠতে ঘৰ নোপোৱালৈ চিন্তা এটা লাগিয়েই থাকে বস্তু বাহনিক লৈ ৷
বিশেষকৈ প্ৰবীণ নাগৰিক, অসুস্থ ব্যক্তি, অকলশৰীয়া মহিলা আৰু বিশেষভাৱে সক্ষম যাত্ৰীৰ ক্ষেত্ৰত এনে অসুবিধাবোৰ বেছি ৷ কৰ’নাকালত ব্যৱসায় প্ৰায় ডুবো ডুবো অৱস্থা পোৱাৰ পাছত যাত্ৰীক আকৰ্ষণ কৰিবলৈ এইবাৰ ভাৰতীয় ৰেল বিভাগে লাগেজক লৈ হোৱা সমস্যাৰ পৰা মুক্তি দিয়াৰ নিশ্চিতি প্ৰদান কৰিছে ৷ অচিৰেই যাত্ৰীৰ সমস্ত লাগেজ ঘৰৰ পৰাই কঢ়িয়াই নিব ৰেল বিভাগে । যাত্ৰাকালতো যাত্ৰীয়ে লগত নিয়া সকলো বয় বস্তুৰ নিৰাপত্তাৰ দায়িত্ব ল’ব । ঘূৰি অহাৰ সময়ত পুনৰ ষ্টেচনৰ পৰা ঘৰত নমাই দি যাবহি যাত্ৰীৰ টালি টোপোলা ।
প্ৰসংগক্ৰমে উনুকিয়াব পাৰি,দেশৰ বৃহত্তম গণ পৰিবহন ব্যৱস্থা ভাৰতীয় ৰেলৰ আৰ্থিক ভেটি এতিয়া মুঠেও সবল হৈ থকা নাই । আয় আৰু ব্যয়ৰ ব্যস্তনুপাতিক সম্পৰ্কৰ ভিত্তিত গণনা কৰা সংস্থাটোৰ অপাৰেটিং ৰেচিঅ’ ২০১৭-১৮ বিত্তীয় বৰ্ষত আছিল ৯৭.৩ শতাংশ ৷ অৰ্থাৎ ১০০ টকা আয়ৰ বিপৰীতে ব্যয় আছিল ৯৭ টকা ৩০ পইচা ৷ তলাবন্ধৰ পাছত এই খৰচ ভয়াৱহ ধৰণে বৃদ্ধি পাইছে ৷