মাত্ৰ ৮৫ টকাত এটা ঘৰ

Screenshot 34

এক ইউৰ’ অর্থাৎ ভাৰতীয় মুদ্রাত মাত্র ৮৫ টকাত লাভ কৰিব পাৰি এটি বৃহৎ ঘৰ। তাকো আকৌ ইটালীৰ দৰে দেশত । ভাৰতৰ দৰে দেশত কথাটো শুনিবলৈ আচৰিত যেন লাগিলেও ইটালীত সম্প্রতি এয়া বাস্তৱত পৰিণত হৈছে। ইটালীৰ চিচিলিৰ দক্ষিণ-পশ্চিমত অৱস্থিত চালেমি চহৰত ঘৰ এটা বিক্ৰী কৰিবলৈ বিচাৰিলেও গ্রাহক লাভ কৰাটো অসম্ভৱ প্ৰায় হৈ উঠিছে ।

বিগত কে’বাবছৰ ধৰি দেশখনৰ সৰু সৰু নগৰ-চহৰত জনসংখ্যা হ্রাস পাবলৈ লৈছে। এনে নগৰ-চহৰবিলাক পৰিত্যাগ কৰি বহু বাসিন্দাই ডাঙৰ চহৰবিলাকলৈ উঠি যাবলৈ লৈছে। সেয়েহে সৰু নগৰ-চহৰবিলাকত বহু ঘৰ পৰিত্যক্ত অৱস্থাতে আছে । এনে নগৰ-চহৰবিলাকত জন ঘনত্বও হ্রাস পাবলৈ লােৱাটো চিন্তাৰ বিষয়ত পৰিণত হৈছে । ফলত গ্রাহকৰ অভাৱত অতি কম মূল্যতে পৰিত্যক্ত ঘৰবিলাক বিক্রী কৰিবলৈ গৰাকীসকলে বাধ্য হৈছে। চিচিলিৰ ঐতিহাসিক স্থানবিলাকৰ ভিতৰত চালেমিৰ গুৰুত্ব ততােধিক ।

আঙুৰৰ বাগিচাৰ বাবে চহৰখনৰ ইতিহাসত স্থানে আছে। ১৬ শতিকাৰ বহু নিদর্শন আজিও চহৰখনত দেখিবলৈ পােৱা যায়। এটা সময়ত বহু মানুহে চহৰখনত বসবাস কৰিছিল; কিন্তু ১৯৬৮ পৰা চালেমি চহৰৰ স্বাভাৱিক ছবিখনৰ পৰিৱৰ্তন হ’বলৈ লয়। ভয়াবহ ভূমিকম্পই চহৰখনৰ একাধিক স্থানৰ বৃহৎ ক্ষতিসাধন কৰে। ইয়াৰ পাছত কামৰ সন্ধানত চহৰখনৰ পৰা চাৰি হেজাৰৰাে অধিক লােকে ডাঙৰ চহৰলৈ উঠি যায়। ফলত খালী হােৱা ঘৰবিলাক কালক্ৰমত পৰিত্যক্ত অৱস্থালৈ গতি কৰে । শেষ পর্যন্ত গ্রাহক লাভ নকৰাত ঘৰবিলাক বিক্ৰী কৰিবলৈ লয় পানীৰ দামত; কিন্তু এনে অৱস্থাতাে গ্রাহক লাভ কৰাটো অসম্ভৱ হৈ উঠিল। কৰ’না সংক্রমণে এই ক্ষেত্ৰত অধিক সমস্যাৰ সৃষ্টি কৰিলে।

অৱশেষত পৰিত্যক্ত ঘৰবিলাকৰ দায়িত্ব নগৰ পৰিষদে গ্রহণ কৰে । এতিয়া নগৰ পৰিষদেই ঘৰবিলাকৰ বিক্ৰীৰ বাবে সচেষ্ট হৈছে। চহৰখনত জনসংখ্যা হ্রাস পাবলৈ লােৱা সমস্যাৰ পৰাও নগৰ পৰিষদবিলাকে তৎকালীনভাৱে পৰিত্ৰাণ পাবলৈ চেষ্টাত অৱতীর্ণ হৈছে। ভাৰতত যি সময়ত সকলােৰে বাবে এটা নিজৰ ঘৰ সপােন স্বৰূপ তেনে অৱস্থাত মাত্র ৮৫ টকাত এটা ঘৰ লাভ কৰিব পৰাটো অবাক হ’বলগীয়া ঘটনা ।

একমাত্র নিয়ন্ত্রিত জনসংখ্যাৰ বাবেই দেশখনত এনে এক অৱস্থাৰ সৃষ্টি হৈছে বুলি মত ব্যক্ত কৰা হৈছে। জনসংখ্যাৰ ফলৰে অহা কেইটামান বছৰৰ পাছতে ভাৰতে চীনক অতিক্ৰম কৰি সর্বাধিক জনসংখ্যাৰ দেশলৈ পৰিণত হ’বলগীয়া অৱস্থাত বহু ভাৰতীয়ৰ বাবে এটা ঘৰৰ সপােন অসম্পূর্ণ অৱস্থাতে থাকি যাব।

Exit mobile version