শালবাৰীত ইউ পি পি এলৰ পৰিৱৰ্তনৰ পদযাত্ৰা

723bb7e5 74be 481a b3a4 0e2c916bc429

বিটিচিত হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰে দুৰ্নীতি অপশাসনত লিপ্ত হৈ ৰাইজক সৰ্বদিশৰে পৰা বঞ্চিত কৰি অহাৰ পিছত এইবাৰ বিটিচিত প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল দলে চৰকাৰ গঠন কৰিবলৈ কঁকালত টঙালি বান্ধিছে৷ বিটিচিৰ বাক্সা জিলাৰ শালবাৰী সমষ্টিত ইউ পি পি এলৰ পৰিৱৰ্তন যাত্ৰা হিচাপে আজি সমষ্টিটোৰ আনন্দ বজাৰৰ পৰা কচুগাঁও,ভকুৱামাৰী,অটাগাঁও,বুনমাজা আদি অঞ্চল পৰিভ্ৰমণ কৰে৷

প্ৰায় পাঁচ সহস্ৰাধিক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা আজিৰ পৰিৱৰ্তনৰ উদ্দেশ্যে উলিওৱা পদযাত্ৰাটো পুৱা কচুগাঁৱত উদ্বোধন কৰে ইউ পি পি এলৰ সংখ্যালঘু কোষৰ সভাপতি হানিফ আলীয়ে আৰু ফ্লেগ অফ কৰে দলটোৰ নেতা তমছেৰ আলী আৰু এবছু নেতা আন্দোলন খেৰকটাৰীয়ে৷

আজিৰ কাৰ্যসূচীত ইউ পি পি এলৰ ২১ নং শালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মুছাহাৰী,কনক বড়ো,সত্যজিৎ বড়ো,আবু তাহেৰ,সদাগৰ বাদছাহ,জহুৰা খাতুনকে ধৰি কেবাগৰাকী কেন্দ্ৰীয় নেতা নেত্ৰীয়ে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে আজিৰ পৰিৱৰ্তন যাত্ৰাৰ সতে সংগতি ৰাখি অটাগাঁৱত অনুষ্ঠিত হোৱা এখন সভাত ৩১ গৰাকী বিপিএফ আৰু ২৪ গৰাকী গণ সুৰক্ষা পাৰ্টিৰ কৰ্মী সমৰ্থকসহ মুঠ ৫৫ গৰাকীয়ে আনুষ্ঠানিকভাবে ইউ পি পি এলত যোগদান কৰে৷

Exit mobile version