শালবাৰীৰ বাঁহবাৰীত যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে ক্ষোভ তিনিটাকৈ ছাত্ৰ সংগঠনৰ

af51a4f2 aa88 4975 9639 4bedade3ff53

ৰাজ্যৰ বজাৰত এতিয়া মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ দিনকদিনে বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য ৷ এইক্ষেত্ৰত মূল্যবৃদ্ধি ৰোধত সম্পূৰ্ণভাবে ব্যৰ্থ হৈছে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী৷ যাৰ কাৰণে আজি তিনিটাকৈ ছাত্ৰ সংগঠনে বাক্সাৰ শালবাৰীৰ বাঁহবাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

আছা,আছু, আৰু এবিএমছুৰ বহু নেতা-কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি মূল্যবৃদ্ধি ৰোধ কৰক,যোগানমন্ত্ৰী হায় হায়,যোগানমন্ত্ৰীৰ কাম নাই,যোগানমন্ত্ৰী পদত্যাগ কৰক আদি ভিন্ন শ্ল’গানেৰেে পৰিবেশ উত্তাল কৰি তোলে৷

একে সময়তে প্ৰতিবাদী ছাত্ৰ সংগঠনকেইটাই বৰপেটা ৰোড-মানাহ সংযোগী পথত যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকাও দাহ কৰে৷

Exit mobile version