শ্ৰী নগৰত ভাৰতীয় সেনাৰ হাতত নিহত হিজবুল মুজাহিদ্দীনৰ চিফ কমাণ্ডাৰ চেইফুল্লাহ

WhatsApp Image 2020 11 01 at 5.19.16 PM

জম্মু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত আজি ভাৰতীয় সুৰক্ষাবাহিনীয়ে বৃহৎ সাফল্য অৰ্জন কৰে।

ADVERTISEMENT

জম্মু কাশ্মীৰৰ আৰক্ষীৰ মতে শ্ৰীনগৰত হোৱা মুখামুখি সংঘৰ্ষত কাশ্মীৰত হিজবুল মুজাহিদ্দীনৰ চিফ কমাণ্ডাৰ চেইফুল্লাহক ভাৰতীয় সুৰক্ষাবাহিনীয়ে গুলিয়াই হত্যা কৰে।

এক গোপন সূত্ৰৰ খবৰ অনুসৰি শ্ৰীনগৰৰ ৰংগৰেথ অঞ্চলত আতংকবাদী লুকাই থকা সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে।

ইয়াৰ পিছতে সুৰক্ষাবাহিনীৰ সতে যুটীয়া অভিযানত দলটোৱে সন্ত্ৰাসবাদী লুকাই থকা অঞ্চলটো ঘেৰি পেলায়।

ভাৰতীয় সেনা বাহিনীয়ে বাৰে বাৰে সন্ত্ৰাসবাদীক আত্মসমৰ্পণ কৰিবলৈ কৈছিল৷কিন্তু সন্ত্ৰাসবাদী দলটোৱে সেনাবাহিনীলৈ লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে। যাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সেনাই হিজবুল মুজাহিদ্দীনৰ চিফ কমাণ্ডাৰক হত্যা কৰে ৷

Exit mobile version