হাগ্ৰামাৰ জংগলৰাজ ওফৰাই এইবাৰ বিটিআৰত ইউপিপিএলৰ চৰকাৰ গঠন কৰিব ভোটাৰসকলেঃ দ্বিপেন বড়ো

b118e50d fa9b 4c14 b895 413a5a97c2ca

এইবাৰৰ বিটিচি পৰিষদীয় নিৰ্বাচনত বিটিচিৰ ভোটাৰ ৰাইজে হাগ্ৰামাৰ বিপিএফৰ জংগলৰাজ ওফৰাই বিটিআৰত এক সুস্থ চৰকাৰ গঠন কৰিব বুলি কয় এবছুৰ সভাপতি দ্বিপেন বড়োয়ে । বড়োয়ে লগতে কয় যে বিটিচি গঠন হোৱাৰে পৰা যোৱা ১৭ টা বছৰ বিপিএফে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত জংগল ৰাজ চলাইছিল৷আনহাতে চন্দন ব্ৰহ্মই দুৰ্নীতিৰ পাহাৰ গঢ়িলে বুলিও কয় এবছুৰ সভাপতি জনে ।

বিপিএফক সমালোচনা কৰি দ্বিপেন বড়োৱে কয় যে বিপিএফ নেতৃত্বই নিৰ্বাচনত বৃহৎ পৰাজয় হ’ব বুলি নিশ্চিত হৈয়ে আজি প্ৰলাপ বকিছে । হাগ্ৰামা মহিলাৰীয়ে জাতি জনগোষ্ঠীসমূহক সম অধিকাৰ সম মৰ্য্যাদা দিব নোৱাৰাৰ ফলতে বড়ো-অবড়োৰ সৃষ্টী হ’ল বুলিও অভিযোগ কৰে।গতিকে আজি দীৰ্ঘ দিনৰ অন্তত উগ্ৰপন্থী সমস্যাৰ সমাধান হ’ল। শান্তি চুক্তিৰ জৰিয়তে বিটিআৰ হ’ল । এই চুক্তিৰ জৰিয়তে বিটিআৰত সকলো জাতি-জনগোষ্ঠীৰলোকে সম অধিকাৰ সম মৰ্য্যাদা লাভ কৰিব,ভূমিৰ অধিকাৰ পাব।দুৰ্নীতিমুক্ত চৰকাৰে দোপদ দোপে উন্নয়ন কৰিব বিটিআৰৰ ।গতিকে ইয়াত দুৰ্নীতিৰ কোনো স্থান নাথাকিব বুলিও নিশ্চয়তা দিয়ে এবছুৰ সভাপতি দ্বিপেন বড়োৱে।

সভাত এবছুৰ উপ সভাপতি তথা বিটিআৰ সীমা নিৰ্ধাৰণ আয়োগৰ সদস্য জয়ন্ত বসুমতাৰীয়ে হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মক কটাক্ষ কৰি কয় যে বিটিআৰ চুক্তিৰ অংশ হিচাবে সীমা নিৰ্ধাৰণ আয়োগ গঠন কৰিছে চৰকাৰে । এয়া এবছু বা ইউপিপিএলে কৰা নাই ।বিটিআৰৰ সীমামূৰীয়া অঞ্চলৰ যিসকল গাঁৱৰ লোকে বিটিআৰৰ পৰা ওলাব আৰু যিসকলে বিটিআৰত অন্তৰ্ভূক্ত হ’ব বিচাৰে তেওঁলোকে আবেদন কৰিলে সেয়া আয়োগে বিবেচনা কৰি চৰকাৰলৈ প্ৰেৰণ কৰিব ।

তেতিয়া চৰকাৰেহে চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে এই ক্ষেত্ৰতো ৰাজনীতি কৰা অতিকে দুৰ্ভাগ্যজনক । বিটিআৰৰ জনসাধাৰণ এতিয়া সজাগ হৈছে ৷ গতিকে জনসাধাৰণ এতিয়া আৰু তেওঁলোকৰ কথাত পতিয়ন নাযায় বুলি কয় জয়ন্ত বসুমতাৰীয়ে৷উল্লেখ্য যে দ্বিপেন বড়োৱে অঞ্জলি দৈমাৰীয়ে কৰা মন্তব্য সন্দৰ্ভত কয় “আমি ৰঞ্জন দৈমাৰীক ইউজ এণ্ড থ্ৰো বুলি ভবা নাই ।

এখন গণতান্ত্ৰিক দেশৰ বাসিন্দা হোৱা হেতুকে চৰকাৰ আৰু ইয়াৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা আছে । যিহেতু ৰঞ্জন দৈমাৰী বিটিআৰ চুক্তি কৰাত বহু পুৰ্বেই দোষী সাব্যস্ত হৈ জেলত থাকিব লগীয়া হৈছে । তাৰ পিচতো চৰকাৰে তেওঁক সন্মান সহকাৰে মোকলাই আনি ইমান ডাঙৰ এটা শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ সুবিধা প্ৰদান কৰিছে । গতিকে নিশ্চয় তেওঁৰ গোচৰ সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৷

গতিকে এই ক্ষেত্ৰত মহিলা সকলৰ (বড়ো অমেন জাষ্টিচ ফোৰাম) এটা সংস্থাৰ সন্মানীয় সভানেত্ৰী তথা ডক্টৰ উপাধি লাভ কৰা উচ্চ শিক্ষিত লোক অঞ্জলি দৈমাৰীৰ দৰে লোকে এই ধৰণৰ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক ৷কাৰণ ৰঞ্জন দৈমাৰী তেখেতৰ ভাতৃ ।”চিৰাঙৰ কাজলগাঁও আঞ্চলিক সমিতি এবছুয়ে আয়োজন কৰা সম্বৰ্ধনা সভাত এবছুৰ সভাপতি দ্বিপেন বড়ো,উপ সভাপতি তথা বিটিআৰ সীমা নিৰ্ধাৰণ আয়োগৰ সদস্য জয়ন্ত বসুমতাৰী,চিৰাং জিলা এবছুৰ নেতৃ বৃন্দৰ লগতে চিৰাং জিলা বড়ো সাহিত্য সভাকে আদি কৰি বিভিন্ন দল সংগঠনৰ নেতৃত্বই সম্বৰ্ধণা জ্ঞাপন কৰে আয়োগৰ সদস্যজনক । শালঝোৰা শান্তি পথাৰত বিয়লি প্ৰায় ২ বজাত আয়োজিত এই অনুষ্ঠানত জিলাখনৰ প্ৰায় ডেৰ হেজাৰ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ।

Exit mobile version