হাগ্ৰামাৰ বিপিএফ চৰকাৰ বিটিআৰৰ ৰাইজে কোনোকালে নিবিচাৰেঃপ্ৰমোদ বড়ো

9dfa6c83 0afa 42fc 97b1 302f9e08f9fb

বিটিআৰত পৰিৱৰ্তন বিচাৰি প্ৰতিদিনেই ইউ পি পি এল দলে ভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷আজিও বাক্সাৰ ককিলাবাৰী সমষ্টিত দলটোৱে বিপিএফৰ ১৭ বছৰীয়া কাৰ্যকালৰ দুৰ্নীতিৰ তদন্ত তথা বিটিআৰৰ ৰাইজৰ উন্নয়ন বিচাৰি চাইকেল ৰেলীৰে দলটোৱে সমষ্টিটোৰ ভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে৷চাইকেল ৰেলীত অংশগ্ৰহণ কৰি ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৱে কয়-“বিটিআৰৰ ৩৫ লাখ জনসাধাৰণে এইবাৰ পৰিৱৰ্তন বিচাৰিছে৷

বিপিএফৰ দুৰ্নীতি-অপশাসন দূৰ কৰি এখন স্বচ্ছ চৰকাৰ গঠনৰ মন মেলিছে৷যি চৰকাৰে ৰাইজৰ নিৰাপত্তা আনিব পাৰে,শান্তি আনিব পাৰে,ঐক্য আনিব পাৰে৷ আমাৰ যাত্ৰাৰ দ্বাৰাই বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে নিৰাপত্তা,ভূমিৰ অধিকাৰকে ধৰি সকলো ধৰণৰ অধিকাৰ পাবলৈ সক্ষম হয় সেইকথা আগত ৰাখিয়ে আজি চাইকেল ৰেলী কাৰ্যসূচী হাতত লোৱা হৈছে৷হাজাৰ হাজাৰ ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে৷ মুঠতে সকলোৰে সকলো দিশত উন্নয়ন হ’ব লাগে৷

হাগ্ৰামাৰ বিপিএফ চৰকাৰ ৰাইজে কোনো কালতে নিবিচাৰে৷এইবাৰ ইউ পি পি এল দল জয়ী হোৱাৰ লগতে ৰাইজৰ উন্নয়নৰ কাৰণে সকলো কাৰ্য কৰা হ’ব ৷ আজি বিটিআৰত চৰকাৰৰ ভুলৰ বাবে আঁচনিবোৰ সঠিকভাৱে ৰূপায়ণ হোৱা নাই৷যাৰবাবে ৰাইজে কষ্ট কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে৷” কলাক্ষেত্ৰত মিঞা মিউজিয়াম প্ৰসংগত প্ৰমোদ বড়োৱে কয়-“মিঞা মিউজিয়াম টাইম পাছ কৰাৰ ইচ্ছ্যু৷ এইটো এনেয়ে উলিয়াইছে৷যাৰ ইতিহাস আছে তেওঁলোকে মিঞা মিউজিয়াম স্থাপন কৰিব৷ইয়াত বিতৰ্ক কৰি একো লাভ নাই৷ই এক ৰাজনৈতিক ষড়যন্ত্ৰহে৷”

বড়োৱে ককিলাবাৰী সমষ্টিৰ নৈসমূহৰ গৰাখহনীয়া প্ৰসংগত কয়-“সমষ্টিটোত মুখ্যতঃ কালদিয়া নৈয়ে যিমান গৰাখহনীয়াৰ সৃষ্টি কৰিছে অন্য সমষ্টিত ইমান নাই৷ককিলাবাৰী সমষ্টিৰ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে ইয়াৰ বহুকেইখন গাঁও,স্কুল,খেলপথাৰ,নামঘৰ আদি নৈৰ বুকুত জাহ যাব৷ইয়াৰোপৰি সমষ্টিটোত বহু দৰিদ্ৰ জনসাধাৰণ আছে যিসকলে আজি পৰ্যন্ত চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷”

Exit mobile version