চিকিৎসকসকলে কৰ’নাত মানুহৰ মৃত্যু হ’লে ভাল পায়,কাৰণ তেওঁলোকে ধন লাভ কৰেঃড’নাল্ড ট্ৰাম্প

Trump US China 61726 74318831 ver1.0

President Donald Trump smiles during his meeting with Chinese Vice Premier Liu He in the Oval Office of the White House in Washington, Friday, Feb. 22, 2019. (AP Photo/Susan Walsh)

মাৰাত্মক কৰ’না ভাইৰাছৰ ফলত মৃত্যু ঘটা লোকসকলৰ পৰা লাভৱান হৈছে দেশৰ চিকিৎসকসকল। চিকিৎসকসকল অতি চতুৰ ৷কৰ’নাত মানুহৰ মৃত্যু হ’লে তেওঁলোকে ভাল পায় ।কাৰণ তেতিয়া তেওঁলোকে পইচা পায়। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ট্ৰাম্পৰ এই মন্তব্যৰ পাছত সমালোচনাৰ সন্মুখীন হৈছে ড’নাল্ড ট্ৰাম্প ৷

আনহাতে আমেৰিকাত পুনৰ সৰ্বাধিক লোক কৰ’নাত আক্ৰান্ত হৈছে। বিগত ২৪ ঘন্টাত আমেৰিকাত এক লাখতকৈয়ো অধিক লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মূহুৰ্ত ৷ তাৰ মাজত ট্ৰাম্পে নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত কৰা এই মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিছে

ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰ’না ভাইৰাছক লৈ তাচ্চিল্যসূচক মন্তব্য কৰিছিল। ট্ৰাম্পে সম্বোধন কৰা নিৰ্বাচনী সমাবেশত উপস্থিত থকা সমৰ্থকসকলৰ বহুতৰে মুখত মাস্ক নাছিল।

Exit mobile version