শংকৰ-মাধৱক অপমান কৰিছে শ্বেৰমান আলীয়েঃহিন্দু জাগৰণ মঞ্চ

d15655c5 d8d2 4a0d a5ac 95ad3ec1e326

“যি শ্বেৰমান আলীয়ে শংকৰ-মাধৱ গুৰুজনাক অপমান কৰিছে,শংকৰ-মাধৱৰ স্থানত লুঙী শাৰী ৰাখিম বুলি কৈছে সেই শ্বেৰমান আলীক আমি সকিয়াই দিছো অসমত অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ থকালৈকে কোনোকালে শংকৰদেৱ কলাক্ষেত্ৰত লুঙী শাৰী প্ৰৱেশ কৰিব নোৱাৰিব৷এই মন্তব্য হিন্দু জাগৰণ মঞ্চ বাক্সা জিলা সমিতিৰ সভাপতি মণ্টু দাসৰ৷

লগতে মন্টু দাসে কয় ” শ্বেৰমান আলীয়ে গুৰু দুজনাক অপমান কৰা বাবে আজিয়ে ৰাইজৰ আগত ক্ষমা খোজক৷অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি প্ৰস্তুত আছো ৷ অসমীয়া ৰাইজ এতিয়া জাগি উঠা নাই,যদি কেনেবাকৈ জাগি উঠে তেতিয়াহ’লে শ্বেৰমান আলী অসমত থাকিব নোৱাৰিব৷

তেওঁক বাংলাদেশ বা পাকিস্তানলৈ প্ৰেৰণ কৰা হ’ব৷” আজি বিয়লি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী তথা বাক্সা জিলাৰ শালবাৰীৰ বাঁহবাৰীত বিধায়ক শ্বেৰমান আলীয়ে শংকৰদেৱ কলাক্ষেত্ৰত লুঙী-শাৰী ৰাখিব লাগে বুলি যি অপমানসূচক মন্তব্য কৰিছিল তাৰ প্ৰতিবাদ স্বৰূপে হিন্দু জাগৰণ মঞ্চই শ্বেৰমান আলীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

হিন্দু জাগৰণ মঞ্চৰ বহুকেইজন নেতাকৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড,ফেষ্টুন লৈ এই জুই জ্বলিছে,জ্বলিছে জ্বলিবই,জয় শ্ৰীৰাম,ভাৰতমাতা কী জয়,জয় আই অসম,অসমত লুঙীৰ দাদাগিৰি নচলিব,গুৰুজনাৰ স্থানত মিঞা মিউজিয়াম বনাবলৈ দিয়া নহ’ব,গুৰুজনাক অপমান কৰা নচলিব,গেদা গ’ বেক আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

Exit mobile version