অত্যাধিক ঋণেই জীৱন কাঢ়ি নিলে একেটা পৰিয়ালৰ পাঁচ জনকৈ সদস্যৰ

5cce8ff8 ac6a 432b bbe8 0eb920ed21b8

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিলত একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্যই আত্মহত্যা কৰা ঘটনাই কপাঁই গৈছে সমগ্ৰ অসম৷আৰক্ষীয়ে ইতিমধ্যে আত্মহত্যা কৰা পৰিয়ালৰ পৰা এখন চুইচাইড ন’ট উদ্ধাৰ কৰিছে ৷

এই চুইচাইড ন’ট খনৰ পৰা পোৱা তথ্য অনুসৰি নিৰ্মল পালৰ পৰিয়ালটো ঋণত ডুব গৈ আছিল ৷যাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালটোৱে আত্মহত্যাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে তুলসীবিল বজাৰৰ গাতে লাগি থকা নিজ বাসগৃহত নিৰ্মল পাল (৫২), তেওঁৰ পত্নী মল্লিকা পাল (৪৫), আৰু তিনি জীয়ৰী ক্ৰমে পূজা পাল (২৫), নেহা পাল (১৭) আৰু স্নেহা পালে (১৫) চিপজৰী লৈ আত্মহত্যা কৰে ৷সৰু ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া নিৰ্মল পালৰ বৰ জীয়ৰী পূজা বিজ্ঞানৰ স্নাতক আছিল।

আনহাতে মাজু আৰু কনিষ্ঠা কন্যা অধ্যয়নৰত আছিল । আজি পুৱাৰ ভাগত এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চল জুৰি প্ৰচণ্ড হুৱা-দুৱা লাগে ৷ আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version