ক’ভিড নিয়মাৱলী নামানিলে ইউৰোপ আমেৰিকাৰ দৰে আমি পুনৰ অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হ’মঃ ড° হিমন্ত বিশ্ব শৰ্মা

WhatsApp Image 2020 11 02 at 4.04.14 PM

ৰঙাপাৰাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত নতুনকৈ সংযোজন হ’ল বিজ্ঞান শাখা ৷  তাৰ পৰিপ্রেক্ষিতত ৰঙাপৰা মহাবিদ্যালয়খনে লাভ কৰিলে পূৰ্ণাংগ মহাবিদ্যালয়ৰ ৰূপ । ৰঙাপৰা অঞ্চলৰ শৈক্ষিক দিশত উত্তৰণৰ ঘটোৱাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰঙাপৰা মহাবিদ্যালয়ত আজি বিজ্ঞান শাখাৰ মুকলি কৰে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । লগতে মন্ত্ৰী শৰ্মাই ১৫ গৰাকী বিজ্ঞান শাখাৰ সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান কৰে ।

পুৱা ১০ বজাত ৰঙাপৰা মহাবিদ্যালয়ৰ চৌহদত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰৱেশ কৰাৰ লগে লগে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই মূলদ্বাৰৰ পৰা গায়ন-বায়ন, বিহু, বাগৰুম্বা, চাহ জনগোষ্ঠী নৃত্য-গীতৰ মাজেৰে আৰু ছাত্ৰ একতা সভাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে হাত চাপৰিৰে আদৰি লৈ যায় । তাৰ পাছতে মন্ত্ৰী গৰাকীয়ে বিজ্ঞান ভৱনটিৰ শুভ উদ্বোধন কৰে ।

ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মুকলি সভাত ৰঙাপৰা মহাবিদ্যালয়ৰ পৰিচালনাৰ সমিতিৰ সভানেত্ৰী ড° চাৰু চহৰীয়া নাথ, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ দাস, সম্পাদক হিমাংশু মড়ল, অসম পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়, পাৱাৰ গ্রীডৰ পৰিচালক বিমান বৰা , জিলা বিজেপিৰ সভাপতি তুলসী বৰঠাকুৰ উপস্থিত আছিল ।

বড়ো মাধ্যমৰ অধ্যাপক প্ৰশান্ত বড়োৱে আঁত ধৰা অনুষ্ঠানটিত আদৰণী ভাষণ প্ৰদান কৰে ড° ৰঞ্জন কলিতাই । তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে কয় যে ৰঙাপৰা অঞ্চলটোত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ ৰঙাপৰা মহাবিদ্যালয়খনে উল্লেখনীয় ভূমিকা পালন কৰি আহিছে । ৰঙাপৰা মহাবিদ্যালয়খনে মানৱ সম্পদ গঢ়াত সহায় কৰিছে  ৷ ৰঙাপৰা মহাবিদ্যালয়ত আন্তঃগাঁথনি পৰ্যাপ্ত ভাৱে উন্নত নাছিল  । ৰঙাপৰাৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিজ্ঞান শাখা শুভাৰম্ভ কৰি শৈক্ষিক পৰিৱেশ নিৰ্মাণ কৰিছে ।

মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সভাত ভাষণ প্ৰসংগত কয়, “ৰঙাপৰা মহাবিদ্যালয়খনৰ বাবে আজিৰ দিনটো অতি আনন্দৰ দিন। চলিত বৰ্ষত ৰাজ্যখনৰ ১৬ খন নতুন মহাবিদ্যালয় আৰু ১৬ খন পুৰণি মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰা হ’ল । ক’ভিডৰ নিয়ম নামানিলে ইউৰোপ আমেৰিকাৰ দৰে আমি আকৌ এটা অনাকাংক্ষিত পৰিৱেশলৈ ঘূৰি যাবলৈ প্রস্তুত থাকিব লাগিব বুলি শৰ্মাই উল্লেখ কৰে ।

উল্লেখ্য যে ৰঙাপৰা মহাবিদ্যালয়ত অসমীয়া, ইংৰাজী, বড়ো, বাংলা ভাষাৰ মাধ্যমৰে কলা আৰু বাণিজ্য বিভাগৰ পাঠ্যক্রম চলি আছিল । ইফালে আজি ৰঙাপৰা মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানত ৩ গৰাকী, ৰাসায়ন বিজ্ঞানত ৩ গৰাকী, প্ৰাণী বিজ্ঞানত ৩ গৰাকী, উদ্ভিদ বিজ্ঞানত ৩ গৰাকী, অংকশাস্ত্ৰত ৩ গৰাকীসহ সহায়ক এজন আৰু বি আৰ আৰ চাৰি গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে ।

অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া এই বিজ্ঞান শাখাৰ অভাৱ পূৰণে সকলোৰে মাজত হাঁহি বিৰিঙাই তুলিছে ৷ অঞ্চলটোৰ বিভিন্ন দল সংগঠনে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ পল্লৱলোচন দাসক ফুলাম গামোচা, জাপী  আদিৰে  অভিনন্দন জ্ঞাপন কৰে ৷

Exit mobile version