মঙলদৈত গভীৰ সংকটত মোৱামাৰী পঞ্চায়তৰ সভানেত্ৰী 

735f47ee bb23 4cc5 b272 c9c67a72b63b

পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত দহটা খণ্ডৰে গঠিত মোৱামাৰী গাওঁ পঞ্চায়তৰ  বিজেপি দলৰ ৯ জনকৈ সদস্যই  সভানেত্ৰীলৈ  অনাস্থা প্ৰকাশ কৰা ঘটনাই গভীৰ সংকটত পেলাইছে সভানেত্ৰী গৰাকীক । আনহাতে, বিজেপিৰ সভানেত্ৰীৰ ওপৰত একে দলৰে সদস্যই  অনাস্থা প্ৰকাশ কৰা কাৰ্যই  ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ৷ পঞ্চায়ত সদস্য-সদস্যা সকলে  নিজ দলৰে সভানেত্ৰী  ৰেখা বিশ্বাসক  পঞ্চায়ত এলেকাৰ সম-উন্নয়ন আৰু সম- বিতৰণ নকৰাৰ অভিযোগ তুলি  অনাস্থা প্ৰস্তাৱ দাখিল কৰে বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, যোৱা ২৭ অক্টোবৰত  পঞ্চায়তৰ ১০ গৰাকী সদস্যৰ ভিতৰত ৯ জন সদস্যৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি এই অনাস্থা প্ৰস্তাৱ যুগুত কৰি বিশেষ সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই মোৱামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী  ৰেখা বিশ্বাস আৰু মোৱামাৰী গাঁও পঞ্চায়তৰ সচিবলৈ পত্ৰ  প্ৰেৰণ কৰে ।

সভানেত্ৰীৰ প্ৰতি অনাস্হা আগবঢ়োৱা মোৱামাৰী গাওঁ পঞ্চায়তৰ সদস্য-সদস্যা সকল ক্ৰমে ভাষাণ চন্দ্ৰ চৰকাৰ, সোমা সন্ন্যাসী মণ্ডল, আনন্দ মণ্ডল, অৰ্পনা দাস, কবিতা শইকীয়া, অধৰ মণ্ডল, ৰীতা মণ্ডল, হেমাংগী চহৰীয়া আৰু স্বপ্না চৰকাৰ । উল্লেখ্য যে অসম পঞ্চায়ত আইন ১৯৯৪ ধাৰা ১৫৩ উল্লেখিত অধিনিয়ম অনুযায়ী সভানেত্ৰীৰ ওপৰত অনাস্হা প্ৰস্তাৱ আলোচনা আৰু প্ৰস্তাৱ গ্ৰহণৰ বিশেষ সভা অনুষ্ঠিত কৰিবৰ বাবে পঞ্চায়ত খনৰ ৯ গৰাকী সদস্য-সদস্যাই স্বাক্ষৰ কৰি সভানেত্ৰী ৰেখা বিশ্বাসলৈ উক্ত জাননী প্ৰেৰণ কৰে ।

ইয়াৰ প্ৰতিলিপি দৰং জিলাৰ উপায়ুক্ত আৰু পূৱ মঙলদৈ আঞ্চলিক পঞ্চায়তৰ সভাপতিলৈ প্ৰেৰণ কৰা হয় । পঞ্চায়ত আইন অনুসৰি সভানেত্ৰীয়ে উক্ত আবেদন লাভ কৰাৰ ১৫ দিনৰ ভিতৰত বিশেষ সভা অনুষ্ঠিত কৰি উক্ত অনাস্হা প্ৰস্তাৱ গৃহীত কৰিব লাগে । যদি ১৫ দিনৰ ভিতৰতো সভানেত্ৰীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে বিষয়টো সংশ্লিষ্ট উন্নয়ন খণ্ডলৈ প্ৰেৰণ কৰা হ’ব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ । এইক্ষেত্ৰত মোৱামাৰী গাঁও পঞ্চায়তৰ সচিব আৰু পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।

Exit mobile version