শালবাৰীৰ শিমলাত অনুষ্ঠিত বিপিএফৰ মহিলা সমাৰোহ

WhatsApp Image 2020 11 02 at 7.58.55 PM 1

বিটিআৰত পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজৰ নিজৰ শক্তি প্ৰদৰ্শনৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে ৰাজনৈতিক দলসমূহ ৷ বাক্সাৰ ককলাবাৰী সমষ্টিত আজি বিপিএফৰ এক মহিলা সমাৰোহ অনুষ্ঠিত হয় ৷

বাক্সা জিলাৰ শালবাৰীৰ শিমলাত অনুষ্ঠিত মহিলা সমাৰোহত পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত কয়, “প্ৰমোদ বড়োৰ মনত মনোবল আৰু আত্মবিশ্বাস নাই ৷ সেইবাবে দুটাকৈ সমষ্টিত নিৰ্বাচন খেলিবলৈ ওলাইছে ৷ প্ৰমোদ বড়োৱে তামুলপুৰৰ গয়বাৰীত হাৰিব ৷ সেই কথা জানি ককলাবাৰীত এই অঞ্চলৰ ৰাইজক স্পিয়েৰ টায়াৰ বনাই ভোটত জিকিবলৈ আহিছে ৷ যি ৰাজনৈতিক দলত আই মাতৃসকলৰ আশীৰ্বাদ আছে সেই দলক কেতিয়াও কোনেও পৰাভূত কৰিব নোৱাৰে ৷ বিটিচিৰ ৩৫ লাখ জনসাধাৰণৰ মন হাগ্ৰামা মহিলাৰীয়ে জয়ী কৰিব পাৰিছে ৷” লগতে তেওঁ কয়, “ককলাবাৰী সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ধীৰেন বড়ো বিপুল ভোটত জয়ী হ’ব আৰু প্ৰমোদ বড়োৱে দুয়োটা সমষ্টিতে হাৰিব ৷”

আনহাতে ৰাজ্যসভাৰ সাংসদ তথা বিপিএফৰ প্ৰবল প্ৰতাপী নেতা বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰিব বুলি চৰ্চাত থকা বাতৰিৰ পৰিপ্ৰেক্ষিতত চন্দন ব্ৰহ্মই কয়, “বিশ্বজিৎ দৈমাৰীয়ে কি কৰিব বিচাৰিছে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই ৷ তেওঁ আজিকালি বিপিএফৰ সভা সমিতিবোৰত কমকৈ অংশগ্ৰহণ কৰিছে ৷ তেঁও বিপিএফত থাকিব নে নাথাকে দুই-এদিনৰ ভিতৰত এই কথাটো স্পষ্ট হ’ব ৷

আনহাতে বিপিএফৰ এই মহিলা সমাৰোহ চলি থকাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথেৰে ইউ পি পি এল দলৰ এক বিশাল চাইকেল ৰেলী পাৰ হৈ যায়। দুয়োটা দলৰ সমৰ্থকেই আনটো দলক “গ’ বেক” ধ্বনিৰে শ্লোগান দিয়া দৃশ্যই সাধাৰণতে আগন্তুক পৰিষদীয় নিৰ্বাচনত ককলাবাৰী সমষ্টিত যে তীব্ৰ প্ৰতিদ্বন্দিতা হ’ব তাৰ আভাস দেখা পোৱা গৈছে ৷ আজিৰ সভাখনত বিধায়ক থানেশ্বৰ বসুমতাৰীসহ বহু নেতৃস্থানীয় লোক উপস্থিত থাকে ৷

Exit mobile version