“হেপী বাৰ্থডে Wifey” ঐশ্বৰ্য ৰায় বচ্চনক উদ্দেশ্য কৰি স্বামী অভিষেকৰ প’ষ্টে অন্তৰ চুই যাব আপোনাৰ

WhatsApp Image 2020 11 02 at 5.15.02 PM

দেওবাৰে বলিউদৰ অভিনেত্ৰী, বিশ্ব সুন্দৰী তথা বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনে জন্মদিন পালন কৰে । অৱশ্যে ঐশ্বৰ্যই জন্মদিনৰ দিনা বচ্চনৰ পৰিয়ালত অৰ্থাৎ “জলছা”ত অভিষেক বচ্চন আৰু আৰাধ্যাৰ লগত সময় অতিবাহিত কৰে । ইয়াৰ মাজতে অভিষেক বচ্চনে পত্নী ঐশ্বৰ্যক দিয়ে এক বিশেষ ধৰণৰ শুভ কামনা।

ADVERTISEMENT

ঐশ্বৰ্যলৈ উদ্দেশ্য কৰি অভিষেকে লিখে “জন্ম দিনৰ বিশেষ শুভেচ্ছা ‘Wifey’ ৷ সকলোবোৰৰ কাৰণে ধন্যবাদ । সদায় যেন হাঁহি আৰু সুখী থাকা । মই তোমাক নিস্বাৰ্থভাৱে ভাল পাঁও।”

https://www.instagram.com/bachchan/?utm_source=ig_embed

ইনষ্টাগ্ৰামত ঐশ্বৰ্যলৈ “Wifey” হিচাপে লিখা অভিষেকক এই বাৰ্তাটোৱে বিশেষ চৰ্চা লাভ কৰিছে। আনহাতে ইনষ্টাগ্ৰামত অভিষেকৰ এই বিশেষ প’ষ্টটোত ঐশ্বৰ্যক এম্ব্ৰইডাৰী ড্ৰেচ আৰু অভিষেকক কুৰ্তা পায়জামাত দেখা গৈছে।

ইপিনে অভিষেক-ঐশ্বৰ্যৰ আঠ বছৰীয়া জীয়ৰী আৰাধ্যাক উদ্দেশ্য কৰি ইনষ্টাগ্ৰামত ঐশ্বৰ্যই লিখিছে বিশেষ প’ষ্ট ৷ ঐশ্বৰ্যই লিখিছে “মোৰ ৰাজকুমাৰী আৰাধ্য। মই তোমাক নিস্বাৰ্থভাৱে ভাল পাঁও । এতিয়া আৰু অনাগত সময়ৰ কাৰণে ধন্যবাদ ।”

https://www.instagram.com/aishwaryaraibachchan_arb/?utm_source=ig_embed

লগতে ঐশ্বৰ্যই তেওঁক জন্মদিনৰ শুভেচ্ছা জনোৱা অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে ঐশ্বৰ্যই ঘৰতে জন্মদিন পালন কৰিলেও বলিউদৰ বহু অভিনেতা-অভিনেত্ৰীয়ে অভিনেত্ৰী গৰাকীক জনায় জন্মদিনৰ শুভেচ্ছা । ইয়াৰ ভিতৰত সোনম কাপুৰ, কেটৰীণা কাইফ, শিল্পা চেট্টী, অনুস্কা শৰ্মা, আলিয়া ভাট্ট, ঋত্বিক ৰোশন, অনিল কাপুৰ অন্যতম ।

Exit mobile version