দৰং জিলাৰ মঙলদৈ নগৰৰ নিকটৱৰ্তী তালিপাৰাৰ ধনমণি ডেকা (৩০) নামৰ যুৱক জনে সুদীর্ঘ ১৩ বছৰে শয্যাগত হৈ হুইল চেয়াৰত জীৱন কটোৱা এক হৃদয় বিদাৰক কাহিনীয়ে জিলা খনৰ প্ৰতিগৰাকী বিবেকবান লোকৰ হৃদয় স্পৰ্শ কৰি গৈছে । সম্প্ৰতি ৰুগ্ন যুৱকজনৰ একমাত্র ভৰসাৰ থল হৈছে কেৱল বৃদ্ধা মাতৃগৰাকী । এটি ভঙা-ছিঙা জুপুৰি ঘৰত চকুৰে মনিব নোৱাৰা ,ককাঁল পোনাব নোৱাৰা বৃদ্ধা মাতৃৰ সৈতে হুইল চেয়াৰত শুই-বহি এক অনিশ্চিত ভৱিষ্যতক লৈ দিন কটাইছে ধনমনিয়ে ।
কিন্তু কিয় আৰু কেনেকৈ ধনমনিৰ জীৱনলৈ আহিল এই দুৰ্বিসহ দিন । সেয়া ২০০৭ চনৰ কথা । মঙলদৈ তালিপাৰাৰ ধনমনিয়ে মাক দেউতাকৰ সৈতে প্ৰায় দহ বিঘা মাটিত খেতি বাটি কৰি আটোম টোকাৰী কৈ চলি আছিল ঘৰ খন । কিন্তু হঠাৎ নামি আহিল কালধুমুহা । ধনমনি তেতিয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ। কবিতা লিখি ,নাটক কৰি ভাল পোৱা ধনমনিয়ে হঠাতে প্ৰস্ৰাৱ কৰিব নোৱাৰা অৱস্থা হ’ল ।
মঙলদৈত স্থানীয় ভাবে চিকিৎসা কৰি কোনো সুফল নোপোৱাত ওচৰ চুবুৰীয়াৰ পৰামৰ্শত গুৱাহাটীস্থিত এখন আগশাৰীৰ হাস্পাতালত আৰম্ভ কৰিলে চিকিৎসা । পৰীক্ষা-নিৰীক্ষা কৰি গম পালে যে ধনমনিৰ ৰাজহাড়ত টিউমাৰ হৈছে। এক ব্যয়বহুল অস্ত্ৰোপচাৰ কৰিব লাগিব ,নহ’লে অন্য উপাই নাই। কথামতে খেতিৰ মাটি বিক্ৰী কৰি গুৱাহাটীৰ এডভাঞ্চ নিউৰ চাইঞ্চ হাস্পাতালত অস্ত্ৰোপচাৰ কৰিলে যদিও অস্ত্ৰোপচাৰত বিসংগতি ৰৈ যোৱাৰ বাবেই চিৰদিনৰ বাবে পংগু হৈ ৰ’ল ধনমনি ।
চিৰদিনৰ বাবে সলনি হ’ল ধনমনিৰ জীৱনৰ গতি , স্তব্ধ হৈ পৰিল ধনমনিৰ জীৱন । বুকুৰ পৰা নিম্নাংশ অচেতন ধনমনিৰ শৌচ- প্ৰস্বাৱত কোনো নিয়ন্ত্ৰণ নাই। কোনো চিকিৎসা নাই বা কৰাৰো সাধ্য নাই। ইতিমধ্যে পূৰ্বৰ চিকিৎসাৰ নামত খেতি মাটি ,স্থাৱৰ-অস্থাৱৰ সম্পত্তি সকলো শেষ ৷ইতিমধ্যে পিতৃয়েও ধনমনিক মাকৰ স’তে থৈ সংসাৰৰ মায়া এৰি গুচি গ’ল । ধনমনিয়ে আজিও অলেখ আশা বুকুত বান্ধি ১৩ বছৰে জীয়াই আছে এখন হুইল চেয়াৰত ।
চৰকাৰৰ সমাজ কল্যান বিভাগৰ পৰা দিব্যাঙ্গ পেঞ্চন আঁচনিৰ সামান্য টকা দুটামানৰ লগতে অলপতে এটি চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা ধনমনিয়ে দুবেলা দুসাজ কোনো মতে খাই দিন কটাইছে চৰম অনিশ্চয়তাৰ দিশে । পুৱাৰ ৰঙা সূৰ্যটো দেখিলেই জীৱনলৈ নতুন প্ৰভাত অহাৰ কল্পনা কৰে ধনমনিয়ে । নিৰাশাৰ চকুলোৰে বৃদ্ধা মাতৃৰ সৈতে যেন মৃত্যুমুখি জীৱনলৈহে আগবাঢ়িছে ধনমনি । বৃদ্ধ মাতৃক জীৱনৰ বিয়লি বেলাত অকমান হলেও সুখ দিব বিচাৰে ধনমনিয়ে । কিন্তু আহিবনে কোনোবা সুহৃদবান লোক ধনমনিক সহায় কৰিবলৈ?