ক্ৰমাৎ সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,জনালে GMCH ৰ অধীক্ষকে

tarun gogoi 1

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷

দুদিন পূৰ্বে এক সংকটজনক অৱস্থাত GMCH ত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷

গগৈক চিকিৎসা কৰি থকা দলটোৱে কয় যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷

‘’এতিয়া তেওঁ সংকটমুক্ত। অৱশ্যে, আমি তেওঁক পৰৱৰ্তী ২৪ঘন্টা নিৰীক্ষণত ৰাখিম। গগৈয়ে তেওঁৰ পুত্ৰ গৌৰৱ গগৈৰ সৈতে কথা পাতিছে,’’এই মন্তব্য GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মাৰ ৷

উল্লেখ্য যে দীৰ্ঘদিনৰ মূৰত যোৱা ২৫ অক্টোবৰৰ বিয়লি চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।গগৈক ঘৰলৈ অনাৰ পিছতো GMCH ৰ চিকিৎসকৰ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। আনহাতে তৰুণ গগৈ যোৱা ২৬ আগষ্টৰ পৰা কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

Exit mobile version