চীনৰ উহানত ২৩ জন ভাৰতীয় লোক কৰ’নাত আক্ৰান্ত

123597 coronavirus 2

চীনৰ উহানৰ পৰাই বিয়পা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছিল। ইয়াৰ কাৰণে সম্পূৰ্ণ এঘৰীয়া হোৱাৰ দিশে চীন ।সেই সময়তে চীনৰ উহানতেই ২৩ গৰাকী ভাৰতীয় লোক কৰ’নাত আক্ৰান্ত হৈছে ।

ইয়াৰ পাছতেই ভাৰতৰ পৰা চীনলৈ বন্দে ভাৰত মিছনৰ অধীনত চলা বিমানক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।কাৰণ বন্দে ভাৰতৰ অধীনৰ সেই বিমানখনত থকা মুঠ ২৭৭গৰাকী যাত্ৰীৰ ভিতৰত ১৯গৰাকীয়েই আছিল কৰ’না পজিটিভ ৰোগী।

আনহাতে, ৩৯গৰাকীক লক্ষণহীন ৰোগী বুলি অনুমান কৰা হৈছে।সম্প্ৰতি এই ৰোগীসকলক প্ৰাথমিকভাৱে ১৪দিনৰ বাবে কোৱাৰেন্টাইন কৰা হৈছে।

উল্লেখযোগ্য যে চীনত থকা ২৩হাজাৰ ভাৰতীয় শিক্ষাৰ্থী কেতিয়া উভতিব পাৰিব সেয়া বেইজিঙে এতিয়ালৈকে স্পষ্ট কৰা নাই।

ভাৰতে নৱেম্বৰত উহানলৈ আৰু এখন বিমান চলোৱাৰ অনুৰোধ জনাইছে যদিও এই বিষয়ত কোনো সঁহাৰি পোৱা হোৱা নাই। লগতে চীনত পুনৰ ভাৰতৰ লোক কৰ’নাত আক্ৰান্তৰ পাছত অনুমতি লাভ কৰাটো কঠিন বুলি অনুমান কৰা হৈছে।

Exit mobile version