নাৰী সম্পৰ্কীয় অনুসন্ধানমূলক প্ৰতিবেদনৰ কাৰণে দৈনিক অগ্ৰদূতৰ উপ সম্পাদক কুলপ্ৰদীপ ভাগৱতীক কুঞ্জবালা দেৱী সোঁৱৰণি বটাঁ প্ৰদান

IMG 20201103 WA0031

আজি “দ্য আছাম ট্ৰিবিউন”ৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ইতিপূৰ্বে ঘোষণা কৰা কুঞ্জবালা দেৱী সোঁৱৰণি সাংবাদিকতা বটাঁ প্ৰদান কৰা হয় “দৈনিক অগ্ৰদূত” কাকতৰ উপ সম্পাদক কুলপ্ৰদীপ ভাগৱতীক । নাৰী সম্পৰ্কীয় অনুসন্ধানমূলক প্ৰতিবেদনৰ কাৰণে ভাগৱতীক এই বটাঁ প্ৰদান কৰা হয় ৷

আনহাতে একেটা অনুষ্ঠানতে সাদিন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ দিগন্ত শৰ্মাক মানৱ অধিকাৰ সম্পৰ্কীয় অনুসন্ধানমূলক প্ৰতিবেদনৰ কাৰণে প্ৰদান কৰা হয় পবিন্দ্ৰ নাথ শৰ্মা সোঁৱৰণি বটাঁ ।পবিন্দ্ৰ নাথ শৰ্মা আৰু কুঞ্জবালা দেৱী স্মাৰক বটাঁ কমিটিয়ে প্ৰদান কৰা এই বটাঁত আছে এখন প্ৰশস্তি পত্ৰ আৰু নগদ ৩০ হেজাৰ টকা।

উল্লেখযোগ্য যে কুলপ্ৰদীপ ভাগৱতীৰ নাৰী সম্পৰ্কীয় অনুসন্ধানমূলক প্ৰতিবেদনত আছে ট্ৰিপল তালাকৰ ভুক্তভোগী মহিলাৰ হৃদয় বিদাৰক ঘটনা,সন্তানহীন মহিলাৰ শিশু লালন পালন আদৰ্শনীয় কৰ্ম আৰু প্লাষ্টিক বেগৰ পৰিৰ্ৱতে এগৰাকী মহিলাৰ কাগজৰ মোনা তৈয়াৰ কৰা আদৰণীয় পদক্ষেপ।

ইয়াৰ বিপৰীতে আঠবছৰ ধৰি পৰিয়ালৰ লগত ডিটেনশ্যন কেম্পত থকা কল্পনা নামৰ এগৰাকী কিশোৰী কি দৰে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে সেই বিষয়ে মানৱ অধিকাৰ ভংগৰ প্ৰতিবেদন লিখি পবিন্দ্ৰ শৰ্মা সোঁৱৰণি বটাঁৰ বাবে নিৰ্বাচিত হৈছে দিগন্ত শৰ্মা।

অতিমাৰী কৰ’নাৰ কাৰণে এইবাৰ সীমিত লোকৰে আয়োজিত সভাখনত অতিথিৰূপে উপস্থিত থাকে দ্য আছাম ট্ৰিবিউন গ্ৰুপৰ সঞ্চালিকা ববিতা ৰাজখোৱা,অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন আৰু দ্য আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা ৷

Exit mobile version