বটদ্ৰৱা থানত দৰ্শন নিৰ্বাচন কেন্দ্রীক হ’ব নেলাগেঃআঙুৰলতা ডেকা

fae1487f ea2d 43bb bd79 1c53dda4c1f3

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুজনাৰ যি সৃষ্টি কলা-সংস্কৃতি সংৰক্ষণৰ বাবে অসম চৰকাৰে ডেৰশ কোটি টকা অনুমোদন দিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন হ’ব অহা নবেম্বৰ মাহত।

এই প্ৰকল্প আধাৰশিলাৰ বাবে আজি চৰজমিন পৰিদৰ্শন কৰি এই মন্তব্য কৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। বিজেপি চৰকাৰ শাসনলৈ অহা প্রথম কালচোৱাতে এক সু পৰিকল্পনাৰে এই প্ৰকল্প গ্রহণ কৰা বুলি উল্লেখ কৰি বিধায়িকা আঙুৰলতা ডেকাই কয়, গুৰুজনাৰ বৰ অসমৰ চিন্তাৰেই অসমৰ বিভিন্ন প্ৰান্তৰ লোকক উপস্থিত থাকিব ।

আধাৰশিলা হ’ব লগা স্থান পৰিদৰ্শন কৰি বিধায়িকা আঙুৰলতা ডেকাই বটদ্ৰৱাত মিঞা পাবলিক স্কুল স্থাপন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, গুৰুজনাৰ জন্মভূমিত কিয় তেওঁলোকে এটা চেৰাৰেট identity বিচাৰি এক আগ্ৰাসন মনোভাব গ্ৰহণ কৰিছে, সেয়া কেতিয়াও গ্ৰহণ যোগ্য হ’ব নোৱাৰে।

এই ক্ষেত্রত নিশ্চিয়কৈ বিভাগীয় শিক্ষামন্ত্রীয়ে ব্যবস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে।ইফালে নিৰ্বাচনৰ প্ৰাকমূহুর্ত বটদ্ৰৱা থানলৈ আগমন ঘটা বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালিনেতাৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় বিধায়িকা আঙুৰলতাই কয় ” বটদ্ৰৱা থান দৰ্শন নিৰ্বাচন কেন্দ্রীক হ’ব নেলাগে।”

উল্লেখ্য যে, আজি বটদ্ৰৱা থান দৰ্শন কৰে AICC ৰ সাধাৰণ সম্পাদক জীতেন্দ্র সিঙে।আনহাতে অহা বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত বিধায়িকা আঙুৰলতা ডেকাই নিজৰ স্থিতি স্পষ্ট কৰি কয়,” নিৰ্বাচন খেলা-নেখেলা সেয়া মোৰ ব্যক্তিগত কথা। আৰু নিৰ্বাচন খেলাটো এক গণতান্ত্রিক প্ৰতিক্ৰিয়া। বৰ্তমান হাতত সময় কম। গতিকে কম সময়ত বেছি কাম কৰি ৰাইজৰ আশাবোৰ পূৰণ কৰাতহে গুৰুত্ব প্ৰদান কৰিছো।”

 

Exit mobile version