বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা কানাডাৰ পৰা চাবুৱালৈ অনা হ’ল যন্ত্ৰ

46a2e54c ddeb 47e3 a0db 73639f4b65c5

এশ দিনতকৈ অধিক দিন দাও দাও কৈ জ্বলি থকা বাঘজানৰ জুই নিৰ্বাপনৰ বহু প্ৰচেষ্টাৰ অন্তত সুদুৰ কানাডাৰ পৰা কলিকতাত অৱতৰণ কৰোৱা বৃহদাকায় এটি যন্ত্ৰ আজি চাবুৱাত উপস্থিত হয় ၊

আৰিয়াণ্ট কাৰ্গ’ কেৰিয়াচ প্ৰাইভেট লিমিটেড নামৰ কোম্পৎনীটোৱে উক্ত মেচিনটো বিশেষ গাড়ীৰে আনি চাবুৱাৰ খাৰুৱা তেল উৎপাদন কেন্দ্ৰৰ স্থানত ৰখাই অন্যান্য যন্ত্ৰ সংযোগ কৰি চাবুৱাৰ পৰা ৰাজপথেৰে বাঘজানলৈ যাব বুলি কোম্পানীটোৰ কৰ্মচাৰীসকলে সদৰী কৰিছে ၊

স্বয়ং যন্ত্ৰটোৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ বুধবাৰে বিয়লি বাঘজানত উপস্থিত হ’ব ၊ তাৰ বাবে প্ৰয়োজনীয় সংযোগ আৰু নিৰীক্ষণ চলাই যন্ত্ৰটো পৰিচালনাত থকা বিদেশী বিশেষজ্ঞই ၊

১৪ দিনৰ সময় প্ৰদান কৰি যন্ত্ৰটো কলিকতাৰ পৰা বাগজানলৈ লৈ যোৱাৰ বাবে যদ্ধকালীন প্ৰক্ৰিয়াৰে কোম্পানীটোৱে ৮ দিনত চাবুৱাত অৱস্থান কৰায়৷যাত্ৰা পথত দুৰ্গা পূজা আৰু বিহাৰৰ নিৰ্বাচনৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল বুলিও কয় কৰ্মচাৰীসকলে৷ এনে দূৰ্যোগৰ সময়ত অনেক সহযোগিতা আগবঢ়োৱাৰ কাৰণে কে’বাখনো ৰাজ্যৰ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে কোম্পানীটোৱে ।

Exit mobile version