শালবাৰীত মানসিকভাৱে অসুস্থ ৭০বছৰীয়া মাতৃ-পুত্ৰৰ দুৰ্বিসহ জীৱন-যাপন

f4df5291 bcf8 4206 b072 6be2f1d18776

এটা গোহালি সদৃশ ঘৰ ৷ প্রকৃততে ঘৰ বুলি ক’ব নোৱাৰি, বেৰ-খিৰিকী নোহোৱাকৈ মাত্ৰ দুখনমান টিনপাতেৰে চালিৰ তলতেই বছৰ বছৰ ধৰি বাস কৰি আহিছে বাক্সাৰ এটি দুজনীয়া পৰিয়ালে ৷ এনে এক দুৰ্বিসহ জীৱন কটোৱাৰ পাছতো আজি পর্যন্ত পৰিয়ালটোৱে লাভ নকৰিলে চৰকাৰী কোনো সাহায্য ৷

বাক্সা জিলাৰ শালবাৰীৰ জালাহৰ বাসিন্দা মানসিকভাৱে অসুস্থ ৭০ বছৰীয়া সৰোজনীবালা নাথ আৰু তেওঁৰ একমাত্ৰ পুত্ৰ ৩৫ বছৰীয়া ৰাজীৱ নাথে অতি কষ্টৰে জীৱন-যাপন কৰি আহিছে ।

ইয়াৰ উপৰিও তেওঁলোকৰ খোৱা পানীৰ পানীৰ বাবে দমকলৰ সুবিধা নথকাৰ লগতে বিজুলীৰ ব্যৱস্থা নাই ৷ চৰকাৰী সাহায্য হিচাপে মাহত লাভ কৰে কেৱল চাউল, পানী আনে সমীপৰ বিদ্যালয়ৰ পৰা ৷

অন্য সকলো সুবিধাৰ পৰা বঞ্চিত পৰিয়ালটিৰ ঘৰৰ বেৰৰ বাবে দিয়া টিনপাতখিনিও গাঁওৰে কোনো দয়াবানৰ ৷ সেয়ে চুবুৰীয়া ৰাইজে সৰোজনীবালা নাথক এইক্ষেত্ৰত চৰকাৰীভাৱে এটা ঘৰৰ লগতে প্ৰয়োজনীয় সুবিধাখিনি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

Exit mobile version