হলংবাৰীত স্বামীৰ কুঠাৰৰ ঘাপত গুৰুতৰভাৱে আহত পত্নী

a0e637c1 bca6 41af a649 b8c8625090be

বাক্সাৰ শালবাৰীৰ নিকটৱৰ্তী তথা বৰপেটা জিলাৰ অন্তৰ্গত হলংবাৰীত পাৰিবাৰিক কন্দলৰ পৰিণতিত স্বামীৰ কুঠাৰৰ ঘাপত গুৰুতৰভাৱে আহত হয় চাবেজ উদ্দিনৰ পত্নী মালেকা বেগম  ৷ ইতিমধ্যে মালেকা বেগমৰ পিতৃ পৰিয়ালে স্থানীয় ধুমাৰপাথাৰ আৰক্ষী চকীত মালেকা বেগমৰ স্বামী চাবেজ উদ্দিনসহ স্বামী পৰিয়ালৰ ছজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷

প্ৰাপ্ত অভিযোগ মতে শালবাৰীৰ সমীপৰ বৰপেটা জিলাৰ কঁঠালমুৰীঘাটৰ হলংবাৰী গাঁওৰ চাবেজ উদ্দিন নামৰ লোকজনৰ স’তে প্ৰায় ২২ বছৰ পূৰ্বে একে গাঁৱৰে মহম্মদ গফুৰ আলীৰ জীয়ৰী মালেকা বেগমৰ স’তে ইছলাম ধৰ্মীয় ৰীতি মতে বিবাহ কাৰ্য সম্পন্ন হৈছিল ৷

বিবাহৰ পিছৰে পৰা স্বামী চাবেজ উদ্দিনে বিভিন্ন ধৰণে পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ আৰম্ভ কৰিছিল ৷ কিন্তু সংসাৰখন বচাই ৰখাৰ স্বাৰ্থত সেইয়া নিৰৱে সহ্য কৰি আহিছিল পত্নী মালেকা বেগমে ৷ ২০১৫ৰ জুলাই মাহত স্বামীয়ে নিজৰ তিনি ভাতৃৰ সহযোগত অত্যাচাৰৰ মাত্ৰা বঢ়াই মালেকা বেগমক গুৰুতৰভাৱে আহত কৰে ৷উক্ত ঘটনাক লৈ গোচৰ ৰুজু হৈছিল যদিও দুয়োপক্ষৰ মাজত হোৱা আলোচনা মৰ্মে সেই গোচৰ প্ৰত্যাহাৰ কৰা হৈছিল ৷

এই গোচৰ মীমাংসা হোৱাৰ কেইদিনমানৰ পিছৰেপৰা পুনৰ স্বামী চাবেজ উদ্দিনৰ দুই ভতিজা মজিবৰ ৰহমান আৰু ময়েন আলীৰ প্ৰত্যক্ষ প্ৰৰোচনাত মালেকা বেগমৰ ওপৰত পুনৰ শাৰীৰিক মানসিক অত্যাচাৰ আৰম্ভ হয় ৷ মালেকাই সংসাৰ বচাই ৰখাৰ স্বাৰ্থত নিৰৱে সহ্য কৰি আছিল যদিও স্বামী পৰিয়ালৰ ভয় ভাবুকিত আৰু প্ৰাণনাশৰ শংকাত জীৱন অতিবাহিত কৰিছিল ৷

তাৰ মাজতে যোৱা ৩০ অক্টোবৰৰ সন্ধিয়া স্বামী চাবেজ উদ্দিনে ভাতৃ তাৰা মিঞা, মহৰ আলী, নুৰ মহম্মদম আৰু ভতিজা মজিবৰ ৰহমান আৰু ময়েন আলীৰ প্ৰত্যক্ষ সহযোগত পত্নী মালেকা বেগমক চোকা অস্ত্ৰ কুঠাৰেৰে মূৰ, ডিঙি, পিঠি আৰু হাতত উপৰ্যুপৰি ঘপিয়াই গুৰুতৰভাৱে আহত কৰে ৷

ততাতৈয়াকৈ মালেকা বেগমৰ পিতৃ পৰিয়ালৰ লোকে মূৰ্মুষ অৱস্থাত মালেকা বেগমক শালবাৰী চৰকাৰী চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

ইফালে নিজ কন্যাক হত্যা কৰিব খোজাৰ অপৰাধত মালেকা বেগমৰ পিতৃ মহম্মদ গফুৰ আলীয়ে চাবেজ উদ্দিন, তাৰা মিঞা, মহৰ আলী, নুৰ মহম্মদ, মজিবৰ ৰহমান আৰু ময়েন আলীৰ বিৰুদ্ধে ধুমাৰপাথাৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷

Exit mobile version