জংঘলৰাজৰ সমৰ্থকসকলে ভাৰত মাতা কী জয়,জয় শ্ৰী ৰাম ধ্বনি দিয়াটো নিবিচাৰেঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

355839e6 a66f 43f6 94fb 900c5330edaa

বিহাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে সক্ৰিয় ৰূপত ইখনৰ পাছত সিখন নিৰ্বাচনী প্ৰচাৰৰ সভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি বিহাৰবাসীক সম্বোধন কৰি মোদীয়ে বিৰোধীক পুনৰ লক্ষ্য কৰি কয় “যিসকলে জংঘলৰাজক সমৰ্থন কৰে,তেওঁলোকে বিচাৰে কোনেও” ভাৰত মাতা কী জয় “ধ্বনি উচ্চাৰণ নকৰে,লগতে তেওঁলোকে জয় শ্ৰী ৰাম ধ্বনি উচ্চাৰণ কৰাটোও নিবিচাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় “ৰাজ্যখনে বিগত ১৫ বছৰত নিতীশ কুমাৰৰ নেতৃত্বত অসুৰক্ষা,অৰাজকতাক অতিক্ৰম কৰি আগবাঢ়িলৈ সক্ষম হৈছে। নিতীশ কুমাৰৰ শাসনত এতিয়া বজাৰ পথ সকলোতে মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে ৷

লগতে মোদীয়ে কয় বিহাৰৰ সেই দিনসমূহক কোনেও পাহৰিব নোৱাৰে যিসময়ত নিৰ্বাচন মানেই আছিল চাৰিওফালে হিংসা,হত্যা,দৰিদ্ৰক ঘৰতে আৱদ্ধ কৰা ।বিহাৰত দৰিদ্ৰসকলক ভোট দিয়াৰ অধিকাৰ প্ৰদান কৰিছে NDAচৰকাৰে ৷

দেশীয় উৎপাদিত বস্তৰ আমদানি বৃদ্ধিৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে দেৱালী আৰু ষঠ পূজাত স্থানীয় সামগ্ৰী ক্ৰয় কৰাৰ সন্দৰ্ভত সকলোকে মনোনিৱেশ কৰিবলৈ কয় ।মোদীয়ে কয় ” মই দেশৰ ১৩০ কোট জনতাক আহ্বান কৰিছো যে তেওঁলোকে যে যিমান পাৰে স্থানীয় সামগ্ৰী ক্ৰয় কৰাৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰক”৷

পুনৰ কংগ্ৰেছক কটাক্ষ কৰি মোদীয়ে কয়” কংগ্ৰেছে কেৱল প্ৰতিশ্ৰুতি দিব জানে ৷কাৰণ দুয়োখন সদন মিলি কংগ্ৰেছৰ ওচৰত ১০০ জন সদস্যই নাই।

Exit mobile version