আত্মহত্যাৰ কাৰণে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীঃ দেশজুৰি প্ৰতিক্ৰিয়া

image

আজি পুৱা ৮ বজাত ৰিপাব্লিক টিভিৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷এগৰাকী ৫৩ বছৰীয়া ইন্টীৰিয়ৰ ডিজাইনাৰক আত্মহত্যা কৰাৰ কাৰণে প্ৰৰোচিত কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে অৰ্ণৱ গোস্বামীক।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ’ত অৰ্ণৱ গোস্বামীক আৰক্ষীয়ে এখন ভানত জোৰ জবৰদস্তি লৈ যোৱা দেখা গৈছে ৷ইয়াৰ কিছু সময়ৰ পাছতে প্ৰকাশ জাভেডকাৰ,মন্ত্ৰী স্মৃতি ইৰানীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু বিভিন্ন ব্যক্তি,দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

২০১৬ ত আনভাই নায়ক নামৰ ইন্টীৰিয়ৰ ডিজাইনাৰ গৰাকীয়ে মাতৃৰ স’তে আত্মহত্যা কৰে ৷তেওঁলোকৰ আত্মহত্যা কৰাৰ প্ৰাকমুহূৰ্তত লিখি থৈ যোৱা ন’ট অনুসৰি অৰ্ণৱ গোস্বামীৰ লগতে ফিৰোজ শ্বেখ আৰু নিতেশ শাৰদা নামৰ লোক দুজনে আনভাইক ৫ কোটি ৪০ লাখ টকা পৰিশোধ কৰা নাছিল৷ গতিকে আৰ্থিক সমস্যাৰ সন্মুখীন হৈ আত্মহত্যাৰ দৰে পথ বাছি লৈছিল অন্বয়ে ।

আনভাইৰ আত্মহত্যাৰ পাছতে আত্মহত্যাৰ কাৰণে প্ৰৰোচিত কৰা সন্দৰ্ভত এটা গোচৰ দাখিল হয়। কিন্তু ২০১৯ ত ৰায়গড় আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটো বন্ধ কৰি দিয়ে। ইয়াৰ পাছত চলিত বৰ্ষৰ মে’ ত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে টুইট কয় কৰে ” আনভাইৰ কন্যাই মোক অভিযোগ কৰিছে যে আলিবাগ আৰক্ষীয়ে ৰিপাব্লিক টিভিয়ে ধন পৰিশোধ নকৰা বিষয়টো সঠিককৈ তদন্ত কৰা নাই ।মই CID ৰ এই বিষয়টো সঠিককৈ তদন্ত কৰিবলৈ আহ্বান কৰিছো “৷

ইতিমধ্যে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত বিভিন্ন লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ইয়াৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ মন্তব্য ” অৰ্ণৱক সমৰ্থন নকৰা লোকসকলে ফেচীবাদক সমৰ্থন কৰে।”আনহাতে প্ৰকাশ জাভেডকাৰৰ মন্তব্য “মহাৰাষ্ট্ৰত সংবাদমাধ্যমৰ স্বাধীনতাক গৰিহনা দিছো। এইয়া সংবাদমাধ্যমক কৰা ব্যৱহাৰ নহয় ।”

উল্লেখযোগ্য যে বিগত দিনত ৰিপাব্লিক টিভিৰ বিৰুদ্ধে টি আৰ পিৰ সন্দৰ্ভত বিভিন্ন অভিযোগ উঠিছিল। ইয়াৰ পাছত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত শিৱসেনাৰ চৰকাৰক সমালোচনা কৰিছে একাংশই ।

Exit mobile version