কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগীসকলে গণতন্ত্ৰক লজ্জিত কৰিছেঃ অমিত শ্বাহ

WhatsApp Image 2020 11 04 at 3.41.47 PM

মুম্বাইস্থিত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰক সমালোচনা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে ৷আনকি এই সমগ্ৰ ঘটনাক লৈ কংগ্ৰেছকো কটাক্ষ কৰিছে গৃহমন্ত্ৰী শ্বাহে । অমিত শ্বাহে এই ঘটনাটোক ইন্দিৰা গান্ধী শাসনৰ সময়ত দিয়া জৰুৰীকালীন ঘটনাৰ লগত সাঙুৰি বিৰোধিতা কৰিছে।

এই ঘটনা সন্দৰ্ভত অমিত শ্বাহে টুইট কৰে “কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগীসকলে গণতন্ত্ৰক লজ্জিত কৰিছে ৷ৰিপাব্লিক টি ভি আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে কৰা এই শক্তি ব্যক্তিগত স্বাধীনতা আৰু গণতন্ত্ৰত কৰা আক্ৰমণ ।সংবাদমাধ্যমৰ স্বাধীনতাৰ সন্দৰ্ভত বিৰোধ হ’ব আৰু হোৱাটো স্বাভাৱিক ।

আনহাতে ইয়াৰ পূৰ্বে প্ৰকাশ জাভেডকাৰেও এই সমগ্ৰ ঘটনাৰ বিৰোধ কৰে ৷তেওঁ টুইটাৰ যোগে কয় “আমি মহাৰাষ্ট্ৰ চৰকাৰে সংবাদমাধ্যমক কৰা ব্যৱহাৰক সমালোচনা কৰিছো ।সংবাদ মাধ্যমৰ লগত কৰা এই ব্যৱহাৰৰ সঠিক নহয়। “

উল্লেখযোগ্য যে এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰক আত্মহত্যা কৰিবলৈ কৰা প্ৰৰোচনা সন্দৰ্ভত আজি পুৱা অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে ৷

Exit mobile version