গোৱৰ্ধনাৰ বেঁকী নৈৰ খহনীয়াত সৰ্বস্বান্তৰ কৰুণ বিননি

WhatsApp Image 2020 11 04 at 5.25.08 PM 1

“যি আছিল সকলো বেঁকীয়ে লৈ গ’ল ৷ একো উলিয়াবই নাপালোঁ ৷ কিবাকৈ টিনপাতখিনি খুলি ৰাখিছিলোঁ যদিও সেইয়াও ভাঙি-চিঙি গ’ল ৷ কিমান কষ্টত আছোঁ ক’ব নোৱাৰোঁ ৷ পথাৰৰ মাজত বেলেগৰ মাটিত চালি হিচাপে টিৰপাল তৰি কেনেবাকৈ পৰি আছোঁ ৷ গছ-গছনি, পাণ-তামোল সকলো লৈ গ’ল নদীয়ে ৷ কোনেও আমাৰফালে এবাৰো নাচায় ৷ এতিয়া নৈত জাপ দি মৃত্যুবৰণ কৰাৰ বাদে আমাৰ অন্য উপায় নোহোৱা হৈ গ’ল ৷” বেঁকী নৈৰ গৰাখহনীয়াত ঘৰ-মাটি হেৰুৱাই সৰ্বস্ৰান্ত হ’বলগীয়া হোৱা বাক্সাৰ গোৱৰ্ধনাৰ বহু ভুক্তভোগীয়ে আজি সংবাদমাধ্যৰ আগত এনেদৰে চকুলো টুকি টুকি জীয়াই থকাৰ বেদনা ব্যক্ত কৰে ৷

উল্লেখ্য যে বছৰ বছৰ ধৰি বাক্সা-বৰপেটা জিলাৰ গোৱৰ্ধনা অঞ্চলৰ বিভিন্ন গাঁৱত ভূটানৰ পৰা মানাহৰ মাজেৰে বৈ অহা বেঁকী নৈয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি হাজাৰ হাজাৰ বিঘা মাটি, ঘৰ-দুৱাৰ, খেতি-বাতি ইতিমধ্যে নিঃশেষ কৰি পেলাইছে ৷ সম্প্ৰতি বেঁকী নৈৰ পানী খৰালিৰ বাবে কমি যাবলৈ আৰম্ভ কৰিছে যদিও তাৰ সমান্তৰালভাৱে বেঁকীপৰীয়া ৰাইজৰ বাবে অভিশাপ হৈ দেখা দিছে আন এক সমস্যাই ৷

যিমানে বেঁকী নৈৰ পানী কমি আহিছে সিমানেই গৰাখহনীয়াৰ সৃষ্টি হৈছে ৷ প্ৰতিদিনে বেঁকীৰ বুকুত এটাৰ পিছত আনটো অঞ্চল জাহ যোৱাৰ পাছত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে দেখা দিছে ৷ বিশেষকৈ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোৱৰ্ধনা গাঁৱত আৰম্ভ হৈছে তীব্ৰ গৰাখহনীয়া ৷

গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত সমগ্ৰ গোৱৰ্ধনা গাঁওখনেই বেঁকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ প্ৰতি মহূৰ্ততে খহিছে নৈৰ পাৰৰ মাটি ৷ বিধ্বংসী গৰাখহনীয়াৰ ফলত গাঁওখনৰ শতাধিক পৰিয়ালে নৈৰ বুকুত নিজৰ ঘৰ মাটি হেৰুৱালে ৷ বহুতেই নিজৰ ঘৰবাৰী এৰি আশ্ৰয় লৈছে সমীপৰ গাঁৱৰ পৰিয়াল কিম্বা পথাৰৰ মাজত ৷

ইতিমধ্যে নিজৰ বয়বস্তু লৈ নৈৰ পাৰৰ পৰা নিৰাপদ স্থানলৈ আঁতৰি গৈছে কে’বাটাও পৰিয়াল ৷ সেয়ে এইক্ষেত্ৰত ভুক্তভোগী লোকসকলে চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কৰ ওচৰত সহায়ৰ হাত বিচাৰি উপযুক্ত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে ।

Exit mobile version