তিনিচুকীয়াত উপস্থিত হ’ল কানাডাৰ স্নাবিক ইউনিট যন্ত্ৰ

781e0a71 ce11 44de b7ff ab8932eea961

অৱশেষত তিনিচুকীয়াত উপস্থিত হ’ল বাঘজানৰ BGR 5 নং তৈলখাদৰ জুই নিৰ্বাপনৰ বাবে কানাডাৰ পৰা অনা স্নাবিক ইউনিট যন্ত্ৰ ৷

যোৱা ২৩ অক্টোবৰত বিশ্বৰ সৰ্ববৃহৎ বিমান এন্ট’ন’ভ এয়াৰক্ৰাফ্টেৰে আনি কলকাতাৰ বিমানবন্দৰত অৱতৰণ কৰিছিল স্নাবিক ইউনিট যন্ত্ৰটো ।

 

ইয়াৰ পিছতেই কলকাতাৰ পৰা পোনে পোনে লৈ অহা হৈছিল বাঘজানৰ অগ্নিকাণ্ড স্থলীলৈ।

স্নাবিক যন্ত্ৰটোৰ স’তে আহিছে এটা কানাডাৰ বিশেষ বিশেষজ্ঞ দল, যিটো দলে স্নাবিক যন্ত্ৰটোৱে তৈল খাদটোৰ আগ্নিনিৰ্বাপনৰ কাৰ্যত নিয়োজিত হ’ব৷

 

আজি পুৱাই তিনিচুকীয়া পোৱাৰ পাছতেই যন্ত্ৰটো বাঘজানলৈ লৈ যোৱা হৈছিল যদিও বাঘজানত পূৰ্বৰে পৰাই প্ৰতিবাদ কৰি থকা ৰাইজে নতুন গাঁ‌ৱৰ পৰাই যন্ত্ৰটো ঘূৰাই লৈ আহে ।

বৰ্তমান এই বিশেষ যন্ত্ৰটো প্ৰশাসনৰ কঠোৰ নিৰাপত্তাৰ মাজেৰে তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত নিৰ্মীয়মান প্লাষ্টিক পাৰ্কৰ সন্মুখত ৰখা হৈছে।

Exit mobile version