দিনত হাজিৰা আৰু নিশা কোটিপতি

WhatsApp Image 2020 11 04 at 3.54.16 PM 1

শুনিলে আচৰিত হোৱা এক সঁচা ঘটনা । ভাতাৰ গাওঁত বাস কৰা হৰি মাঝি এতিয়া কোটিপতি । চখত লোৱা লটাৰীয়ে ভাগ্যই সলনি কৰি দিলে হৰিৰ । ভাতাৰৰ বামছোৰ গাঁওত হৰিৰ ঘৰ । ঘৰত অৱস্থা তেনেই তথৈবচ । বৰষুণ দিলে পানীৰে উপচি পৰে ঘৰটো।

বিধৱা মাক, পত্নী আৰু এটা সন্তানক লৈ হৰিৰ পৰিয়াল । দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিছিল হৰিয়ে । এনেদৰে জীৱন নিৰ্বাহ কৰাৰ পাছত কোনোৱে লাখপতি হোৱাৰ সপোন বাস্তৱত পৰিণত হ’ব বুলি আশা কৰিব পাৰে জানো।

হৰিয়ে প্ৰত্যেকদিনৰ দৰে সোমবাৰে পুৱা ভাতাৰৰ বজাৰত গৈছিল । ৩০ টকা লটাৰীৰ নামত খৰচ কৰাৰ পাছত ভাগ্যই সলনি হৈ গৈছিল হৰিৰ । সন্ধিয়া যেতিয়া লটাৰীত এক কোটি টকা লাভ কৰাৰ কথা গম পায় তেতিয়া হৰিৰ কপালত ঘাম বিৰিঙি উঠিছিল । তাৰ পিছতে কোটিপতি হৰিক চাবলৈ ঘৰৰ বাহিৰত বহু ভিৰ হোৱা পৰিলক্ষিত হয়।

Exit mobile version