দিল্লীত কৰ’নাৰ তৃতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভঃ স্বাস্থ্যমন্ত্ৰী সতেন্দ্ৰ জৈন

926896 satyendar jain new

পুনৰ দেশৰ ৰাজধানী দিল্লীত কৰ’নাৰ তৃতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হৈছে ৷ মংগলবাৰে দিল্লীত পুনৰ ৬,৭২৫ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ ইয়াৰ পাছত দিল্লীত কৰ’নাৰ তৃতীয় পৰ্যায়ৰ সংক্ৰমণৰ আশংকা অধিক ঘনীভূত হৈছে  ৷

এই সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে বিগত কিছুদিনত দিল্লীত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে ৷ এইয়া কৰ’নাৰ তৃতীয় পৰ্যায়ৰ সংক্ৰমণ হ’ব পাৰে । বৃহস্পতিবাৰে এই সন্দৰ্ভত সমীক্ষাত্মক বৈঠক অনুষ্ঠিত হ’ব ৷ কেজৰিৱালে লগতে কয় যে চিকিৎসালয়ত যাতে কোনো কাৰণতে বিচনাৰ অভাৱ নহয় তাৰ কাৰণে যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে  ৷

আনহাতে ব্যক্তিগত চিকিৎসালয়ত ৮০ শতাংশ আই চি ইউ বিচনা সংৰক্ষণ কৰাৰ সন্দৰ্ভত কেজৰিৱাল উচ্চতম ন্যায়ালয়লৈ যোৱাৰ কথা উল্লেখ কৰে । পূৰ্বতে দিল্লী চৰকাৰে ৩৩ খন ব্যক্তিগত চিকিৎসালয়ত ৮০ শতাংশ আই চি ইউ বিচনা সংৰক্ষণ কৰাৰ কাৰণে আদেশ দিছিল ৷ দিল্লী চৰকাৰৰ এই আদেশক দিল্লী উচ্চ ন্যায়ালয়ে প্ৰতিবন্ধকতা আৰোপ কৰে ৷

আনহাতে মুখ্যমন্ত্ৰী কেজৰিৱালৰ উপৰিও দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনেও কয় যে দিল্লীত কৰ’নাৰ তৃতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হৈছে ৷ স্বাস্থ্যমন্ত্ৰী জৈনৰ মন্তব্য যে কৰ’নাৰ বিৰুদ্ধে বিগত ১৫ দিনৰ পৰা আমি যুঁজ দি আছো  ৷ যদি এজন ব্যক্তি কৰ’নাত আক্ৰান্ত হয় ৷ তেন্তে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক টেষ্ট কৰা হৈছে ।

স্বাস্থ্যমন্ত্ৰী সতেন্দ্ৰ জৈনে কয় যে চিকিৎসালয় চৰকাৰী বা প্ৰাইভেট হ’লেও ট্ৰিটমেণ্ট প্ৰট’কল অনুসৰিয়ে হ’ব । চৰকাৰী চিকিৎসালয়ত বিচনা আৰু আই চি ইউ আছে ।

Exit mobile version