“দৈনিক অগ্ৰদূত”ৰ বাতৰিৰ প্ৰভাৱ

f4df5291 bcf8 4206 b072 6be2f1d18776

বাক্সাৰ শালবাৰীৰ জালাহৰ এটা গোহালি সদৃশ ঘৰত বছৰ বছৰ ধৰি দুৰ্বিসহ জীৱন কটোৱা সত্তৰ বছৰীয়া বৃদ্ধা মাতৃ আৰু পুত্ৰৰ এক বাতৰি আজি “দৈনিক অগ্ৰদূত”ত প্ৰকাশ পোৱাৰ পিছতে দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত উপস্থিত হয় জালাহৰ বিডিঅ’ অঞ্জিমা দৈমাৰী ৷

বেৰ-চালি নোহোৱা ঘৰ, বিচনা বুলিবলৈ থাকিবলৈ ঠাই নোহোৱা, চাউলমুঠিৰ বাদে চৰকাৰী আন সকলোবোৰ আঁচনিৰ পৰা বঞ্চিত জালাহৰ সৰোজনীবালা নাথ নামৰ সত্তৰ বছৰীয়া বৃদ্ধা গৰাকীৰ কাষত উপস্থিত হৈ বিডিঅ’ অঞ্জিমা দৈমাৰীয়ে পৰিয়ালটোৰ সংস্থাপনৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, সাধাৰণভাৱে মানসিক বিকাৰগ্ৰস্থ বৃদ্ধা মাতৃ আৰু পুত্ৰৰ আজিলৈ বনোৱা হোৱা নাই ভোটাৰ আৰু পানকাৰ্ড ৷ যাৰ বাবে বহু চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে এই দুৰ্ভগীয়া দুজনীয়া পৰিয়ালটো ৷

Exit mobile version