পুনৰ চিৰাঙৰ বিজনীৰ বিষপানী গাঁৱত হাতী মানুহৰ সংঘাতঃনিহত ১

75cef790 3a4f 43d2 8b2c fd4760914313

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ পুনৰ চিৰাঙৰ বিজনীত বনৰীয়া হাতীৰ আক্ৰমনত যোৱা নিশা এজন লোক নিহত হয় ৷ মংগলবাৰে নিশা প্ৰায় ১২ মান বজাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীৰ আক্ৰমণত নিহত হয় শ্ৰীদাম মণ্ডল নামৰ লোকজনৰ ৷

আনহাতে বন্য হস্তীক খেদিবলৈ বন বিভাগে যিদৰে ব্যৱস্থা ল’ব লাগিছিল সেইদৰে কোনো ব্যৱস্থা নোলোৱাৰ ফলতেই জিলাখনত বন্য হস্তীৰ আক্ৰমণত মানুহৰ ঘৰৰ লগতে খেতিপথাৰ ধ্বংস হোৱাৰ ওপৰিও প্ৰতিবছৰেই বহু কেইজনকৈ লোকৰ মৃত্যু হৈছে। বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্য হস্তীক ৰোধিবলৈ কোনো ধৰণৰ ফেন্সিং বা প্ৰতিৰোধৰ ব্যৱস্থাই নাই এই অঞ্চলটোত ।

আজি স্থানীয় ৰাইজে শ্ৰীদাম মণ্ডলৰ মৃত‍্যুক লৈ প্ৰতিবাদ কৰা সাব‍স্ত্য কৰিছে লগতে প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়,বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য মূৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

এই সন্দৰ্ভত বিষপানী গাঁৱবাসীয়ে অনতিপলমে শ্ৰীদাম মণ্ডলৰ দৰিদ্ৰ পৰিয়ালটোক ১০ লাখ টকাৰ এক কালীন আৰ্থিক সাহাৰ্য‍্যৰ দাবী জনায়। লগতে স্থানীয় ৰাইজে ভৱিষ্যতে যাতে এনেদৰে বন্যহস্তীৰ আক্ৰমণত আন কোনো লোকৰ মৃত্যু নহয় তাৰ কাৰণে বিহীত ব্যৱস্থা ল’বলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৷

Exit mobile version