বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কীকৰণ

1951643

শৰীৰৰ মেদবহুলতাই ক্রমে মানৱ জীৱনৰ এক গভীৰ সমস্যাৰূপে দেখা দিছে। সুস্থ জীৱনলৈ প্ৰত্যাহ্বান কঢ়িয়াই অনা মেদবহুলতাই ইতিমধ্যে বিশ্ববাসীৰ ১৯০ কোটিৰাে অধিক লােকক নিজৰ আবেষ্টনীত বন্দী কৰিছে। ভাৰতত এতিয়ালৈ চাৰে ১৩ কোটি লােক মেদবহুলতাৰ বলি হৈছে।

একমাত্র মেদবহুলতাৰ বাবেই বিশ্বত প্রতি বছৰে ২৮ লাখ লােকে জীৱন হেৰুৱাবলগীয়া হৈছে। বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ দ্বাৰা প্রকাশ কৰা এক পৰিসংখ্যাত এই ভয়াৱহ তথ্য পােহৰলৈ আহিছে। শৰীৰৰ বিশেষকৈ পেটত হােৱা মেদৰ প্ৰভাৱত হৃদ্যন্ত্রৰ ৰােগে বিস্তাৰ লাভ কৰে। শৰীৰত ইয়াৰ ফলত স্থায়ী ৰূপত ৰক্তচাপেও ঘৰ কৰি বহি ল’ব পাৰে। এটা সময়ত এনেদৰেই মেদবহুলতাই সমগ্র শৰীৰটোক নিজৰ কবললৈ আনে।

মহিলাসকলৰ ক্ষেত্ৰত গর্ভাশয়ৰ ৰােগৰ স’তেও মেদবহুলতাৰ সংযােগৰ কথা চিকিৎসকসকলে স্বীকাৰ কৰিছে। সম্প্রতি কৰ’না কালত গৃহবন্দী হৈ থকাৰ ফলতাে মেদবহুলতাৰ সন্মুখীন হ’বলগীয়া হৈছে অধিক সংখ্যক লােকে। মেদবহুলতা একেবাৰে শিশুকালৰে পৰা আৰম্ভ হ’ব পাৰে। বিশেষকৈ পিতৃ-মাতৃৰ ব্যস্ততাৰ বাবে ঘৰৰ বাহিৰৰ পৰা অনা খাদ্যই শিশুসকলৰ অভ্যাস নষ্ট কৰে ।

১১বছৰ বয়সৰে পৰা শিশুৰ মেদবহুলতাৰ সূত্রপাত হ’ব পাৰে। ভাৰতত শিশুকালৰে পৰা তেল থকা খাদ্য খােৱাৰ অভ্যাস আৰম্ভ হয়। পৰৱর্তী বয়সত ই অধিক বৃদ্ধি হয়। দোকানত একেখিনি তেলতে ভজা বিভিন্ন খাদ্য এই ক্ষেত্ৰত অধিক ক্ষতিকাৰক হৈ পৰে। ৰ’ল, চাউমিন, বার্গাৰ, পিজা, পেটিছ আদিৰ পৰা ক’ব নােৱাৰাকৈয়ে শৰীৰত মেদ সৃষ্টি হ’বলৈ ধৰে।

পেটৰ লগতে শৰীৰৰ বিভিন্ন অংশত সৃষ্টি হােৱা মেদো সমানেই ক্ষতিকাৰক। চিকিৎসকৰ মতে শৰীৰৰ বিভিন্ন অংশত জমা হােৱা মেদৰ ফলত হৃদৰােগৰ লগতে মধুমেহ, হাইপাৰটেনছন আদি ৰােগৰ পােনপটীয়া সম্পর্ক আছে। সকলােৱে এটা কথা মনত ৰাখিব লাগিব যে শৰীৰত জমা হােৱা অতিৰিক্ত ‘কেলৰি’ ব্যয় কৰিব পাৰিব লাগিব ।

নহ’লে মেদ শৰীৰত স্থায়ী হৈ পৰিব। শৰীৰত জমা হােৱা মেদে ধমনীত জমা হৈ ‘আথেৰ’স্কেলােৰ’চিচ’ৰ দৰে মাৰাত্মক সমস্যাৰাে সৃষ্টি কৰিব পাৰে। হৃদযন্ত্রৰ ‘ভেচল’ৰ বাহিৰেও যকৃততাে মেদে বহি লােৱাৰ ফলত হাড়ৰ বিষৰ সন্মুখীন হ’ব পাৰে। চিকিৎসকে এই ক্ষেত্ৰত প্ৰাৰম্ভিক অৱস্থাৰে পৰা সতর্ক হৈ থকাৰ পৰামর্শ দিছে। কর্মব্যস্ততা, সঠিক সময়ত খাদ্য গ্রহণ নকৰা, কছৰৎ নকৰা আদিৰ নেতিবাচক প্রভাৱত শৰীৰৰ যিমানখিনি ক্ষতি হয় সেয়া ইচ্ছা কৰিলে দূৰ কৰিব পাৰি।

সঠিক খাদ্য গ্রহণ তথা হাঁহি-মাতি থকাৰ দ্বাৰাও এজন মানুহে বহু দূৰ সুস্থ হৈ থাকিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০১৯ত বিশ্বৰ তিনি কোটি ৮০ লাখ শিশু মেদবহুলতাৰ সন্মুখীন হৈছে। এই শিশুসকলৰ বয়স অতিকৈ কম। চলিত বৰ্ষত এই সংখ্যা অধিক বৃদ্ধিৰ সম্ভাৱনা আছে।

শিশুসকলক বাধ্য কৰি খাদ্য গ্রহণ কৰােৱাত বহু চিকিৎসকে উদ্বিগ্নতা ব্যক্ত কৰিছে। ভােক লাগিলে শিশুৱে খাদ্য গ্রহণ প্রতি নিজেই ইচ্ছা প্রকাশ কৰিব বুলিও চিকিৎসকসকলে পৰামর্শ দিছে। ডায়েট নির্ধাৰণ কৰি দিয়াৰ সময়ত শৰীৰত আন কোনাে ৰােগ আছে নেকি সেই বিষয়তাে সতর্ক হ’বলৈ চিকিৎসকে পৰামর্শ দিছে।

খাদ্য তালিকা প্রস্তুতৰ সময়ত ভজা- পােৰা খাদ্য ত্যাগ কৰি শৰীৰৰ বাবে উপযােগী সিজাই প্রস্তুত কৰা খাদ্য গ্রহণ কৰিবলৈকো চিকিৎসকসকলৰ পৰা গুৰুত্ব প্ৰদান কৰা হৈছে। যথাসম্ভৱ কম তেলৰ ব্যৱহাৰ আৰু অতিৰিক্ত মছলা থকা খাদ্য ত্যাগ কৰিব পাৰিলেহে ।মেদবহুলতাক বাধা দি ৰাখিব পাৰি।

Exit mobile version