শালবাৰীত ইউ পি পি এলৰ সমৰ্থনত বাথৌ মহাসভাৰ বৌদ্ধিক সন্মিলন

WhatsApp Image 2020 11 04 at 6.04.31 PM

সদৌ বাথৌ মহাসভাৰ উদ্যোগত আজি শালবাৰীত শালবাৰী সমষ্টিৰ ইউ পি পি এল দলৰ মনোনীত প্ৰাৰ্থী বিনোদ মুছাহাৰীৰ সমৰ্থনত এখন বৌদ্ধিক মহলৰ সভা সম্পন্ন হয় ৷ সদৌ বাথৌ মহাসভাৰ মুখ্য দেউৰী তথা অনাতাঁৰ শিল্পী পদ্মধৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত নিখিল বাথৌ মহাসভা, এবছুৰ শালবাৰী আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে কে’বাগৰাকীও লেখক, সাহিত্যিক, শিল্পী আৰু সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

সভাত ইউ পি পি এলৰ শালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ভাষণত কয় যে বিটিআৰত সম্প্ৰতি এখন অস্ত্ৰ মুক্ত সমাজ সৃষ্টি হৈছে ৷ এইক্ষেত্ৰত ইউ পি পি এল দল, এবছুকে ধৰি ৰাইজৰো বিশেষ অৰিহণা আছে ৷ আগন্তুক দিনত বিটিআৰত এখন দুৰ্নীতিমুক্ত, সুশাসনপূৰ্ণ, স্বচ্ছ সমাজৰ সৃষ্টি কৰাৰ বাবে ইউ পি পি এল দলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে ৷ আগন্তুক দিনত বিটিআৰত এখন স্বচ্ছ চৰকাৰ গঠন হ’ব লাগিব ৷ এখন নিকা আৰু স্বচ্ছ সমাজ গঠনৰ ক্ষেত্ৰত সকলো বৌদ্ধিক মহল আৰু বিভিন্ন দল-সংগঠন তথা ৰাইজে ইউ পি পি এল দলৰ সৈতে পূৰ্ণ সহযোগিতা আগবঢ়াওক ৷

লগতে মুছাহাৰীয়ে বিটিআৰত এখন স্বচ্ছ চৰকাৰ গঠনত পূৰ্ণ সহযোগিতা কৰি সকলো বৌদ্ধিক মহল আৰু দল সংগঠনক এক বৌদ্ধিক বিপ্লৱ গঢ়ি তুলি চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণৰ বাবেও মুকলি আহ্বান জনায় ৷

সভাত নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় অধ্যক্ষ হলিৰাম মুছাহাৰী, উপ সভাপতি মোহন স্বৰ্গীয়াৰী, সাধাৰণ সম্পাদক বসন্ত স্বৰ্গীয়াৰী, উপদেষ্টা নীলকান্ত বড়ো, কাৰ্যনিৰ্বাহক সদস্য মংগলসিং নাৰ্জাৰী, বিশিষ্ট কবি সাহিত্যিক কালীচৰণ উজিৰ, জ্যেষ্ঠ অনাতাঁৰ কণ্ঠশিল্পী ভূৱনেশ্বৰ মহিলাৰী, এবছু নেতা ৰহেন মুছাহাৰী, ইউ পি পি এলৰ কেন্দ্ৰীয় নেতা কনক চন্দ্ৰ বড়ো, শালবাৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষ গজেন বড়োকে ধৰি কে’বাগৰাকীও বিশিষ্ট লোকে ভাষণ আগবঢ়ায় ৷

উল্লেখ্য যে এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনত নিখিল বাথৌ মহাসভাই ইউ পি পি এল দলক পূৰ্ণ সমৰ্থন জনোৱা বুলি জানিবলৈ দিয়ে ৷

Exit mobile version