সফলতাৰে সম্পন্ন হ’ল জনপ্ৰিয় ফুটবলাৰ মাৰাডোনাৰ মগজুৰ ৰক্তক্ষৰণ অস্ত্ৰোপচাৰ

WhatsApp Image 2020 11 04 at 2.46.20 PM

আৰ্জেণ্টিনাৰ ১৯৮৬ ত বিশ্ব কাপৰ বিজেতা তথা দিগ্বজ ফুটবলাৰ মাৰাডোনাৰ মগজুৰ ৰক্তক্ষৰণৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হয়। চিকিৎসকৰ মত অনুসৰি মংগলবাৰে মাৰাডোনাৰ অস্ত্ৰোপচাৰ কৰা হয় ।

মাৰাডোনাৰ ব্যক্তিগত চিকিৎসকৰ মত অনুসৰি “মাৰডোনাৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ সফল হৈছে। তেওঁ অস্ত্ৰোপচাৰৰ পাছত সুস্থিৰ হৈ আছে। ৬০ বছৰীয়া মাৰাডোনাক সোমবাৰে দেশৰ দক্ষিণত স্থিত লা প্লাটা নামৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।ইয়াৰ পাছত চিকিৎসক আৰু মাৰাডোনাৰ মাজত সহমতি ক্ৰমে অস্ত্ৰোপচাৰ সম্পন্ন হয়।

মংগলবাৰে অস্ত্ৰোপচাৰৰ পূৰ্বে চিকিৎসকে মন্তব্য কৰে “এইয়া এক সাধাৰণ অস্ত্ৰোপচাৰ ৷”

আনহাতে ১৯৯৭ ত কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ পাছত স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয় মাৰাডোনা। ২০০৪’ত হৃদৰোগৰ কাৰণে চিকিৎসালয়ত ভৰ্তি হয় মাৰাডোনা। তদুপৰি ২০১৯ ত মাৰাডোনাক আঁঠুৰ অস্ত্ৰোপচাৰো কৰা হৈছিল।

Exit mobile version