ৰাখে হৰি মাৰে কোনে

WhatsApp Image 2020 11 04 at 2.17.43 PM

কথাতে কয় ৰাখে হৰি মাৰে কোনে। তুৰস্কত পুনৰ প্রমাণিত হ’ল এই সত্য ফাঁকি। তুৰস্কত ভূমিকম্প হােৱাৰ তিনিদিন পাছত ধ্বংসস্তুপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে এটি কণমানি শিশুক। ইয়াৰ পূর্বে শনিবাৰে ধ্বংস্তূপৰ মাজৰ পৰা কণমানিটোৰ ভ্ৰাতৃ-ভগ্নীক উদ্ধাৰ কৰা হৈছিল।

ভূমিকম্পৰ সময়ৰে পৰা সন্ধানহীন হৈ আছিল তিনি বছৰীয়া কণমানিটো। অৱশেষত সোমবাৰে কণমানিটোক উদ্ধাৰ কৰাটো সম্ভৱ হৈ উঠে। তিনিদিন পূর্বে হােৱা এই ভূমিকম্পত তুৰস্কৰ লগতে গ্ৰীচৰ একাংশ কঁপি উঠিছিল। ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্রতা আছিল ৭.০।

ভূমিকম্পত এতিয়ালৈ ৯৪ জনৰ মৃত্যু হৈছে। মৃত্যুৰ এই ভয়াৱহতাৰ মাজত এলিফ নামৰ এই শিশু কন্যাটোক উদ্ধাৰ কৰি যথেষ্ট আবেগপ্ৰৱণ হৈ পৰে উদ্ধাৰকাৰী বাহিনী তথা এ এফ এ ডিৰ মুৰব্বী মেহমেত গুল্লুগলু। বিষয়াজনে এই সন্দৰ্ভত এটি টুইটত লিখে, ঈশ্বৰ তােমাক ধন্যবাদ।

আমাৰ কণমানি এলিফক এপার্টমেন্টৰ ধ্বংসস্তুপৰ মাজৰ পৰা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছাে। ভূমিকম্পৰ পাছৰে পৰা উদ্ধাৰকাৰী বাহিনীয়ে ধ্বংসস্তূপৰ মাজত জীৱিতসকলক বিচাৰি অভিযান অব্যাহত ৰাখিছিল।

ইয়াৰ মাজতে সোমবাৰে এলিফৰ সন্ধান লাভ কৰা হয় । ধ্বংসস্তূপৰ মাজৰ পৰা এলিফক উদ্ধাৰ কৰাৰ পাছত ততাতৈয়াকৈ এম্বুলেন্সত তােলা হয়। এলিফৰ তিনি ভ্রাতৃ-ভগ্নীক শনিবাৰে মাতৃৰ কোলাত ওভতাই দিলেও দুর্ভাগ্যজনকভাৱে ইয়াৰে এজনৰ মৃত্যু হয়। দেশখনৰ ইজমিৰ প্রদেশত ভূমিকম্পৰ তীব্রতা আছিল সর্বাধিক।

ভূমিকম্পত ৯৯৪ জন আহত হয়। এতিয়াও ধ্বংসস্তুপৰ মাজত কমেও ২০ জন লােক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে । আবদ্ধসকলক উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰখা হৈছে । ভূমিকম্পৰ অভিকেন্দ্র গ্রীচত আছিল যদিও অধিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় তুৰস্ক ।

Exit mobile version