অসমত অত‍্যাৱশ্যকীয় সামগ্ৰীৰ মূল‍্যবৃদ্ধিৰ প্ৰতিবাদত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

WhatsApp Image 2020 11 05 at 4.03.22 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পোৱা মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদী কাৰ্যসূচী গঢ় লৈ উঠিছে ৷ ইয়াৰ মাজতে সকলো ধৰণৰ অত‍্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁও জিলাত আমছুৱে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য‍সূচী ৰূপায়ণ কৰে ।

বঙাইগাঁও জিলাসদৰৰ গান্ধী ময়দান আৰু চিৰাং জিলা সদৰ কাজলগাঁৱত আমছুয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি জিলা উপায়ুক্তৰ জৰিয়তে আমছুৰ প্ৰতিখন জিলা সমিতিয়ে মুখ‍্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে ৷

আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত কয় যে চৰকাৰে অত‍্যাৱশ্যকীয় সামগ্ৰীৰ মূল‍্যবৃদ্ধি ৰোধ কৰাত ব‍্যৰ্থ হৈছে৷লগতে ব‍্যৰ্থ যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পদত‍্যাগ দাবী কৰে আমছুয়ে ।

আনহাতে যোগান বিভাগটো মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰত‍্যক্ষভাৱে দায়িত্ব হিচাপে লৈ সকলো ধৰণৰ অত‍্যাৱশ্যকীয় সামগ্ৰীৰ মূল‍্য নিয়ন্ত্ৰণ কৰি সৰ্বসাধাৰণক সকাহ দিয়াৰ বাবে দাবী উত্থাপন কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ।

উল্লেখযোগ্য যে বঙাইগাঁও জিলা সদৰৰ গান্ধী ময়দানত জিলা আমছুৰ সভাপতি হজৰত আলীৰ নেতৃত্বত পায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি উত্তাল কৰি তোলে বঙাইগাঁও চহৰ । একেদৰে চিৰাং জিলা সদৰ কাজলগাঁৱটো জিলা সভাপতি গুলজাৰ হুচেইন পৰামানিকৰ নেতৃত্বত দেৰ শতাধিক আমছু কৰ্মীয়ে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্য‍সূচিত অংশ গ্ৰহণ কৰে ।

Exit mobile version