এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বেটছমেনৰ ৰেংকিঙত বিৰাট কোহলীৰ আধিপত্য

866774 853248 848666 845858 kohli rohit afp new

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বেটছমেনৰ ৰেংকিঙত অক্ষুণ্ণ আছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ নাম ৷ লগতে এই ৰেংকিঙৰ দ্বিতীয় স্থানত আছে ভাৰতৰ অন্যতম তাৰকা অপেনিং বেটছমেন ৰোহিত শৰ্মাৰ নাম  ৷ বুধবাৰে প্ৰকাশিত তালিকাত কোহলী আৰু ৰোহিতৰ ৰেংকিং পইণ্ট ক্ৰমে ৮৭১ আৰু ৮৫৫ ৷

আনহাতে বলাৰৰ ৰেংকিঙত ভাৰতৰ বেগী বলাৰ জশপ্ৰীত বুমৰাহ আছে দ্বিতীয় স্থানত। তালিকাৰ প্ৰথম প্ৰথম স্থানত আছে নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্ট । ব’ল্টৰ ৰেংকিং পইণ্ট হৈছে ৭২২ আৰু জশপ্ৰীত বুমৰাহৰ পইন্ট হৈছে ৭১৯। শীৰ্ষ দহৰ ভিতৰত বুমৰাহেই একমাত্ৰ ভাৰতীয় । আনহাতে অলৰাউণ্ডাৰৰ ৰেংকিঙত ভাৰতৰ ৰবীন্দ্ৰ জাদেজা আছে নৱম স্থানত ।

Exit mobile version