ক’ভিড ১৯ পৰিস্থিতিৰ মাজতে উচ্চ শিক্ষানুষ্ঠানসমূহ খোলাৰ কাৰণে UGC ৰ নিৰ্দেশনা জাৰি

WhatsApp Image 2020 11 05 at 9.19.45 PM

কৰ’না ভাইৰাছৰ সংক্ৰমণক নিয়ন্ত্ৰণ কৰিবলৈ দিয়া তলাবন্ধৰ সাতমাহৰ পাছত পুনৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খোলাৰ কাৰণে UGC য়ে নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে ।

ADVERTISEMENT

অৱশ্যে কৰ’নাৰ সংক্ৰমণৰ মাজত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় খুলিলেও ৫০ জনতকৈ অধিক ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত  উপস্থিত থাকিব নোৱাৰিব। গৱেষণা আৰু বিজ্ঞান সম্পৰ্কীয় পাঠদানৰ বাহিৰে বাকী বিষয়সমূহৰ অনলাইন পাঠদান বাহাল থাকিব।

UGC ৰ নিৰ্দেশনা অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বিচাৰিলে অনলাইন পাঠদানত অধ্যয়ন কৰিব পাৰে ।সীমিত সংখ্যক ছাত্ৰ ছাত্ৰীৰে হোষ্টেল খুলিব পাৰে। কিন্তু হোষ্টেলৰ এটা কোঠাত এজনতকৈ অধিক ছাত্ৰ বা ছাত্ৰী থাকিব নোৱাৰিব।

আনহাতে শৈক্ষিক ক্ষেত্ৰসমূহ খোলাৰ প্ৰাকমূহুৰ্তত কৰ’নাৰ সন্দৰ্ভত সুৰক্ষিত হয় নে নহয় সেই বিষয়ে নিশ্চিত হ’ব লাগিব ।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ মত অনুসৰি” শিক্ষা মন্ত্ৰণালয়ে কৰ’নাৰ লগত সাহসেৰে মোকাবিলা কৰিছে ।

লগতে UGC য়ে তীব্ৰ প্ৰত্যাহ্বানেৰে আৰু বিভিন্ন বিকল্পৰে এই নিৰ্দেশনা প্ৰস্তুত কৰিছে। এই নিৰ্দেশনাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়,গৃহ মন্ত্ৰণালয়েও সন্মতি দিছে ।

Exit mobile version