ক্ৰমাৎ স্পষ্ট হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল

WhatsApp Image 2020 11 05 at 3.02.45 PM

ক্ৰমাৎ স্পষ্ট হৈ পৰিছে আমেৰিকাৰ নিৰ্বাচনৰ ফলাফল। কাৰণ ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেন এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ জয়ী হোৱাৰ কাৰণে প্ৰয়োজনীয় ২৭০ ৰ কাষ চাপিছে ।বুধবাৰে জ’ বাইডেনে গৃহ চহৰত দিয়া ভাষণত কয় ” মই নিশ্চিত ৰূপত জয় লাভ কৰিছো ৷”

ইতিমধ্যে জ’ বাইডেনে লাভ কৰিছে ২৬৪ টা ইলেক্টৰেল ভোট ।আৰু ড’নাল্ড ট্ৰাম্পে লাভ কৰিছে ২১৪ টা। বাইডেনৰ মন্তব্য “মোৰ বিশ্বাস যে যেতিয়া ভোট গগণা সমাপ্ত হ’ব তেতিয়া নিশ্চিত ৰূপত আমি বিজয়ী হ’ম ।বাইডেনে কয় যে প্ৰত্যেকটো ভোটৰ গণনা হ’ব লাগে৷”

বাইডেনে কয় যে সমগ্ৰ নিশা হোৱা ভোটগণনাত এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয় লাভ কৰিবলৈ প্ৰয়োজন হোৱা ২৭০ ৰ আমি ওচৰ চাপিছো। ট্ৰাম্পক কটাক্ষ কৰি বাইডেনে কয়” মই ইয়াত ঘোষণা কৰিবলৈ অহা নাই যে মই নিৰ্বাচনত জয়ী হ’লো। কিন্তু এইটো স্পষ্ট যে ভোট গণনা সমাপ্ত হ’লেই মই বিজয়ী হ’ম।

Exit mobile version