নিৰ্বাচনৰ ফলাফলক লৈ আমেৰিকাত ট্ৰাম্প আৰু বাইডেনৰ সমৰ্থকৰ মাজত তীব্ৰ হতাহতিঃ গ্ৰেপ্তাৰ ৬০

Lach BideninPittsburg

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ৰ দিশে আগবাঢ়িছে জ’ বাইডেন।

ADVERTISEMENT

ইফালে ২০১৬ ত ট্ৰাম্পে জয়ী লাভ কৰা একাংশ ৰাজ্য জয় লাভ কৰিছ বাইডেনে। ইয়াৰ পাছতে আমেৰিকাৰ ৰাজ্যসমূহত দেখা গৈছে ট্ৰাম্প আৰু বাইডেনৰ সমৰ্থকসকলৰ মাজত তীব্ৰ সংঘৰ্ষ ।আৰু এই সংঘৰ্ষক কেন্দ্ৰ কৰি আমেৰিকাত ৬০ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

নিউয়ৰ্ক টাইমছৰ মতে বাইডেনে ২৬৪ টা ইলেক্ট্ৰৰেল ভোট লাভ কৰাৰ বিপৰীতে ট্ৰাম্পে লাভ কৰে ২১৪ টা ভোট। আনহাতে ভোট প্ৰাপ্তিৰ ক্ষেত্ৰত বাইডেনে বাৰাক অ’বামৰ ১২ বছৰৰ অভিলেখক ভংগ কৰিছে।

বৃহস্পতিবাৰে পুৱালৈকে ৱাইডেনে ৭ কোটি ১০ লাখ পপুলাৰ ভোট লাভ লাভ কৰিছে ।আনহাতে ২০০৮ ত অ’বামাই লাভ কৰিছিল ৬ কোটি ৯৪ লাখ ৯৮ হাজাৰ ৫১৬ টা ভোট।

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পেনচিলভেনিয়াৰ ভোট যথেষ্ট গুৰুত্বপূৰ্ণ৷গতিকে সকলোৱে পেনচিলভেনিয়াৰ ভোট গণনাৰ ফলাফলক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷

Exit mobile version